Title 012 Read Count : 351

Category : Stories

Sub Category : Suspense/Mystery
                                (১)
এখন বিশাল ঘন অৰন্য। চাৰিওফালে মাত্ৰ অন্ধকাৰ আৰু অন্ধকাৰ...। সৌৱা সেই মানুহৰ দলটো তাইৰ ফালে ক্ৰমাত আগবাঢ়ি আহি আছে , হাতত একুৰাকৈ জ্বলন্ত অগ্নি শিখা লৈ সিহঁতে তাইৰ ফালে আহি আছে। এইবাৰ ক্ৰমে সিহঁতৰ খোজবোৰ দৌৰলৈ পৰিৱৰ্তিত হৈছে। চাৰিওফালে দপদপাই জ্বলি থকা জুইকুৰাই যেন নিমিষতে শেষ কৰি পেলাব তাইৰ সমগ্ৰ সত্তাক। মৃত্যুক এইদৰে চকুৰ সন্মুখত দেখি তাই মাত্ৰ চিঞৰিছে ..যিমান পাৰি সিমান জোৰেৰে মাত্ৰ চিঞৰিছে।
দৃষ্টি, উঠা আকৌ এই কাল সন্ধিয়াখন এনেকৈ শুই থাকে নে; উঠা আকৌ।।।।
Mrs. Baruha ৰ মাতত থত মত খাই হঠাৎ  বিচনাত উঠি বহিল দৃষ্টি। অহ .. ইমান সময় মনে মই সপোনহে দেখি আছিলোঁ; কথাটো আকৌ এবাৰ নিজৰ মনতে জুকীয়াই চালে তাই। 
: কি হল? আজি আকৌ কিবা বেয়া সপোন দেখিছিলা নেকি দৃষ্টিমা ? Mrs বৰুৱা ই মৰমেৰে জীয়েকৰ মুৰত হাত ফুৰাই সুধিলে।
:মই আপোনাক চিনি নাপাওঁ, গতিকে বাৰে বাৰে একেবোৰ কথাৰ অজুহাতত মোৰ কাষ চপাৰ চেষ্টা নকৰিব।এইবাৰ দৃষ্টি এ খঙেৰে Mrs বৰুৱা হাতখন উচ্চাট মাৰি আঁতৰাই দিলে।
নিজ কন্যাৰ এনেকুৱা ব্যৱহাৰ সহ্য কৰিব নোৱাৰি Mrs বৰুৱা এ চাদৰৰ আচলৰে মুখ ঢাকি বাহিৰলৈ ওলাই গ'ল। 
2 বছৰ ধৰি তেওঁ জীয়েকৰ একেবোৰ ব্যৱহাৰে সহ্য কৰি আহিছে।তথাপিও তেওঁ হাৰ নামনি চেষ্টা চলাই গৈছে দৃষ্টিক তাইৰ হেৰুৱা স্মৃতি  বোৰৰ কথা সোঁৱৰাই দিবলৈ। তাইক তাইৰ মাকৰ কথা সোঁৱৰাই দিবলৈ,যাৰ প্ৰতিটো ৰাতিপুৱা তাইৰ good morning ৰে আৰম্ভ হৈছিল । যাক 1ছেকেণ্ড ৰ কাৰণে সন্মুখত  নেদেখিলেও তাই হাবাথুৰি খাই ফুৰিছিল।হঠাৎ ঘটি যোৱা এটা দুর্ঘটনাই যেন তেওঁলোকৰ জীৱনৰ ৰংবোৰেই কাঢ়ি লৈ গ'ল। দৃষ্টিয়ে তাইৰ জীৱনৰ সকলো ৰঙীন স্মৃতিয়ে হেৰুৱাই পেলালে,জীৱন টো যেন তাইৰ এখিলা উকা কাগজ হৈ পৰিল য'ত কোনো ৰং নাই আছে মাথোন ক্ৰমাৎ অদৃশ্য হৈ পৰা কিছুমান অৱহেলিত বিস্মৃতি , ঠিক তাইৰ মাক ৰ দৰে..। কিন্তু দৃষ্টিৰ সপোনবোৰে আৰু সেই সপোনত মৰা চিঞৰ বোৰে তেওঁক মাজে মাজে  চিন্তিত কৰি তোলে। দৃষ্টিয়ে নিজৰ সকলো বোৰ পাহৰি  পেলালেও এই সপোনবোৰে কিন্তু তাইৰ লগ নেৰিলে । আজিও দৃষ্টিয়ে সেই আগৰ দৰে  টোপনিত চিঞৰি‌‍ উঠে আৰু সেইবোৰ বস্তুৰ অস্তিত্বক বিচাৰিবলৈ ধৰে যিবোৰ বস্তুৰ বাস্তৱ জীৱনৰ লগত কোনো সমন্ধই নাথাকে।
                         (২)

: অ' খুৰী অকলে অকলে এই ৰাতিখন এনেকৈ বাহিৰত বহি আছে যে ! 
হঠাৎ নীল ৰ মাতত Mrs.বৰুৱা চক্ খায় উঠিল ।   
এৰা ইমানসময় একেবোৰ কথাকে ভাবি থাকোতে কেতিয়ানো সন্ধ্যা গুচি ৰাতি ৮ বাজিল Mrs.বৰুৱাই  গমেই নাপালে। নিজৰ চলচলীয়া চকুযোৰ মচি নীল লৈ চাই মাত লগালে।
: নীল দেখোন , অহা অহা ।  
নীল কাশ্যপ , দৃষ্টিৰ শৈশৱৰ বন্ধু । লণ্ডনৰ পৰা পঢ়া শেষ কৰি দেউতাকৰ কোম্পানী তে যোগদান কৰিছে।
:দৃষ্টিৰ এতিয়া কেনেকুৱা খুৰী? কিবা Improvement হৈছেনে?
:তাইৰ কথানো কি ক'ম! তুমি নিজে চাই  লোৱাহি।
:আপুনি দুখ নকৰিব খুৰী, তাই সোনকালে ঠিক হৈ যাব।সৰু সৰু কথাতে মোৰ লগত কাজিয়া লাগি লাগি মোৰ মূৰ গৰম কৰি দিব।
মা আৰু আপুনি আকৌ আমাৰ কাজিয়া ভাঙিবলৈ সাজু হোৱাৰ হে কথা , হাঃ হাঃ হাঃ । নিজৰ মনৰ মাজত লুকুৱাই ৰখা দুখখিনি
ঢাকি ৰাখিবলৈ যিমান হাঁহিৰ প্ৰয়োজন তাতকৈ দুগুন চিঞৰি হাঁহিলে নীলে। তাৰ বাহিৰেনো সি আৰু কৰিবই বা কি! এই দুবছৰত আজিলৈকে এনেকুৱা এটা দিনো যোৱা নাই যেতিয়া সি দৃষ্টিলৈ ফোন নকৰাকৈ থকা নাই, কিন্তু প্ৰতিবাৰতে দৃষ্টিৰ পৰা সি একেই  অৱহেলা/অনাদৰকে পায়। পৰিস্থিতিৰো যে কি খেল! যিজনি ছোৱালীয়ে তাৰ মাতটো এবাৰ নুশুনিলে  থাকিব নোৱাৰিছিল, আজি এবাৰ তাইৰ মাতটো শুনিবৰ কাৰণে সি ইমান হাবাথুৰি খাব লগা হৈছে।
:নীল, কি ভাবি আছা, সোমাই আহা আকৌ।
খুৰীয়েকৰ মাতত নীল বাস্তৱ জগতলৈ আকৌ উভতি আহিল আৰু তেওঁৰ পিছে পিছে দৃষ্টিৰ ৰুমলৈ ক্ৰমে আগবাঢ়ি গ'ল ।

সকলোবোৰ জানিও কিয় জানো সি বাৰে বাৰে দৃষ্টিক লগ কৰিব আহে। তাইক এবাৰ চোৱাৰ হেঁপাহতে যেন সি নীৰৱে সহ্য কৰি যাব পাৰে তাই তাৰ প্ৰতি কৰা সকলো  অনাদৰ,অৱহেলা আৰু অপমান।

                              (৩)
:Hey; the great দৃষ্টি , আপোনাৰ হবলা এতিয়াও বিচনাৰ পৰা উঠিব হোৱাই নাই। অ' খুৰী আপুনি হবলা কুম্ভকৰ্ণক সাধি সাধি হে এইক জন্ম দিছিল।ঐ lady কুম্ভকৰ্ণ উঠ উঠ ; নহলে কুম্ভকৰ্ণ স্বয়ং নামি আহিব স্বৰ্গৰ পৰা ...এইজনীয়ে মোৰ record ও ভংগ কৰিলে বুলি😂😂। নীলে কথাবোৰ এনেদৰে কৈ গৈ আছে যেন কাহানিও একো হোৱাই নাই। যেন এতিয়াই দৃষ্টিয়ে বিচনাৰ পৰা উঠি তাৰ লগত চুলিয়া চুলি লাগিব । কিন্তু আজিও নীলক নিৰাশ কৰি দৃষ্টিয়ে  আগৰদৰে তাৰ মুখলৈকে নাচালে। 
নীলে লাহেকৈ উঠি গৈ দৃষ্টিৰ বিচনাৰ ওচৰত থকা খিৰিকী খন খুলি দিলে। লগে লগে এছাটি কোমল বতাহে দুয়োকে স্পৰ্শ কৰিলেহি। নীল গৈ খিৰিকী খনৰ কাষতে বহিলেগৈ। এই তৰা ভৰা  জোনাকত ডুবি থকা আকাশখন সিহঁত দুয়োটাৰে প্রিয়।সৰুতে জোনাক ৰাতি চোতালত বহি ক'ম তৰা গনিছিলনে! সিহঁতৰ মাজত যেন প্ৰতিযোগিতাহে চলিছিল কোনে কিমান তৰা গনিব পাৰে।কথাষাৰ ভবাৰ লগে লগে নীলৰ মুখখন চমকি উঠিল... সেই জোনাকত জিলিকি উঠা আকাশ খনৰ দৰে। 
:Hey Drishti ,do you like to watch the stars ?
: I am a fan of watching and counting the stars.
:yeah ☺ I also love stargazing.
:In the utter darkness, these twinkling stars really reminds us what a universe is this.when you are cut off from everything,just alone....in this whole world you realize what God is. You realize what you are in this big world.
:when poems are bound in tune what they are called?
:song....smart me😎
তৎক্ষণাত কি হৈ গল দৃষ্টিয়ে একো ধৰিব নোৱাৰিলে। এইবোৰ তাই কি কৰিব গৈ আছিল! নীলৰ লগত তাই কথা পাতিছিল😱
তাই বাৰু নীলৰ সন্মুখত দুর্বল হৈ পৰিছিল নেকি? নাই নাই তাই নিজকে চম্ভালিব পাৰিব লাগিব। ইমান সহজতে ধৰা দিব নোৱাৰি, সকলোৰে লগত দূৰত্ব বনাই ৰাখিব লাগিব...আৰু বিশেষকৈ এই নীলৰ পৰা যিমান পাৰি আঁতৰত থাকিব লাগিব।
ৰুমৰ দৰজাখন ধমহকৈ মাৰি দৃষ্টি বাহিৰলৈ ওলাই গ'ল।
হঠাতে যে কি হৈ গ'ল নীলেও ধৰিব নোৱাৰিলে। যিজনী ছোৱালীয়ে তাৰ মুখলৈকে ভালকৈ চোৱা নাছিল ইমানদিনে তাই আজি তাৰ লগত কথা পাতিলে🤗। পাগলৰ দৰে চিঞৰি চিঞৰি গান গাব মন গৈছে তাৰ এই মূহূৰ্তত। সুদীর্ঘ 2টা বছৰৰ মূৰত তাৰ শৈশৱৰ দৃষ্টি জনীক ঘূৰাই ��

                              (৪)
ৰাতি 12 বাজিছে , হঠাত হোৱা ফোনৰ vibration ত দৃষ্টি সাৰ পাই উঠিল। এই সময়ত বাৰু কাৰ ফোন হ'ব পাৰে? ৰিচিভ কৰিব লওঁতে ফোনকলটো cut হৈ গল।কিবা এটা মনত পৰি বাহিৰলৈ উঠি যাব লওঁতে ফোনটো আকৌ vibrate হৈ উঠিল। এইবাৰ ফোনটো ৰিচিভ কৰিবলৈ তাই ফোনটোৰ green line ডাল touch কৰি দিলে।
:হেল্ল'
: .....
: হেল্ল'..... আৰে কোনে ফোন কৰিছে মুখেৰে মাত নিদিয়ে কিয়?এই ৰাতিখন এইবোৰ কিহৰ ধেমালি?
: .........
: যদি মুখেৰে মাত  উলিয়াবলৈ সমৰ্থবান নহয়, তেনেহ'লে ফোন কৰি আনক disturb কৰিবও নালাগে নহয়।
এইবুলি ফোনটো কাটিব লওঁতে বিপৰীত দিশৰ পৰা এটা পুৰুষ কণ্ঠৰ মাত ভাঁহি আহে...
:Happy birthday my love Disha! I hope your special day will bring you lots of happiness and love. 
শিল পৰা কপৌটোৰ দৰে থৰ হৈ পৰিল দৃষ্টি। জন্মদিন, দিশা..... এইবোৰ কেনেকৈ সম্ভৱ? কি হব গৈ আছে এইবোৰ।
: Hey দিশা, কিবা এটাটো কোৱা। ইমান কষ্ট কৰি দিনটো duty কৰি , উজাগৰে থাকি তোমাক wish কৰিছো।
: .......
:please say something na sweetheart.
: wrong number, এইটো কোনো দিশাৰ numbur নহয়। 
এইবুলি কৈ তাই ফোনটো কাটি দিলে।
কোনে কৰি আছে মোৰ লগত এইবোৰ ? কথাবোৰ কোনোবাই গম পাইছে নেকি বাৰু? কথাবোৰ যদি সঁচাকৈয়ে কাৰোবাৰ কাণত পৰিছে এই 2 বছৰৰ ইমানবোৰ কষ্ট চোন এনেই যাব। 
বিপ্ বিপ্....  আকৌ ফোনটো vibrate হৈ উঠিল।
ধক্... আকৌ আগৰ numbur টোৱে চোন। এইবাৰ recording botton তো অন কৰি তাই ফোনটো ৰিচিভ কৰিলে।
: Hey দিশা ভয় খালা নেকি? ফোনটো কাটি দিলা যে? *****  পাঁচটা শব্দৰ এটা code সিফালৰ পৰা উচ্চাৰিত হল। হয়, এইটো  দৃষ্টি ৰ চিনাকি code । অকল দৃষ্টিৰে নহয় ,দৃষ্টি আৰু সমীৰৰ চিনাকি code। প্ৰায়ে investigation বোৰত সেহঁতে এইটো code use কৰে।
:সমীৰ? 
: yes my dirling. Ab aye na oot pahad ke niche . তোমাক কিন্তু মানিছোঁ দেই ইন্সপেক্টৰ  দিশা । code নোকোৱা লৈকে হাৰ নামানিলা।
: পাগল হৈছা নেকি সমীৰ? Have you losted? Are you out of your mind? 
:oh relex relex দিশা। don't be overreact, it's just a part of joke ,nothing else. 
: joke ha.... what a nice joke right? Ha ha ha ha...really সমীৰ? ইয়াত মোৰ বেণ্ড বাজি গৈছিল আৰু তোমাৰ কাৰণে এইটো এটা joke আছিল।
:oh comeon দিশা, আজি তোমাৰ birthday আছিল।আৰু মোৰ কিবা এটা interesting কৰিব মন গৈছিল। যোৱা 2 বছৰ ধৰি চোন আমি এজনে আনজনৰ ছাঁ টোও দেখা পোৱা নাই । গতিকে ajj mouka bhi tha aru dastur bhi. গতিকে ভাবিলো birthday girl ৰ খৱৰ এটাকে লোৱা যাওক কিন্তু মোৰ style ত।
: সমীৰ please. অলপটো situation টো বুজিব চেষ্টা কৰা। যেতিয়ালৈকে আমাৰ mission ক তাৰ লক্ষ ত উপনীত কৰিব নোৱাৰো তেতিয়ালৈকে আমি লগ কৰাৰ কথা ভাবিবও নোৱাৰো। আৰু কোনো serious problem নহলে contect ত নাহাটো তো তোমাৰে decision আছিল। ইমানদূৰ আগবাঢ়ি আহি আমি এইদৰে হাৰ মানিলে নহব সমীৰ। দৃষ্টিক আমি ন্যায় দিবই লাগিব,তাইৰ মৃত্যুক অথলে যাব দিব নোৱাৰি।আমি পাৰিবই লাগিব সমীৰ, আৰু চাবা সমীৰ আমি পাৰিম আৰু সফলো হম।
: wahh দৃষ্টিৰ ৰূপত থাকি থাকি একেবাৰে দৃষ্টিৰ দৰে হৈ গৈছা দেই।কিন্তু এই সকলোবোৰৰ মাজত  যাতে মোৰ দিশাজনী হেৰাই নাযায়, মোৰ পিছে ভয়হে লগে.... তোমাৰ চেহেৰা দৃষ্টিৰ লগত মিলাৰ দৰে যদি তুমিও এদিন দৃষ্টিয়ে হৈ যোৱা তেতিয়া মোৰ কি হব বাৰু!
:সেইকাৰণে কৈছো ইন্সপেক্টৰ সমীৰ সময় থাকোতে বিয়া খন পাতিলোৱা আকৌ।আমাৰফালে আশা কৰি থাকি কিন্তু লাভ নহবও পাৰে দেই।কোন সময়ত ঢৌকা খাই যাবা পাত্তাই নাপাবা।
:এই হব হব হে অলপ বেছিয়ে মুখ চলিছে তোমাৰ। এতিয়া ফোনটো থোৱা আৰু নিজৰ mission ত focus কৰা by the way.. again happy birthday to you দৃষ্টি বনি দিশা sorry sorry দিশা বনি  দৃষ্টি ।
: thanks 
:bye
:bye.

                            (৫)
ফোন call টো কাটি খঙত সমস্ত গাৰ জোৰেৰে সমীৰে ফোনটো সন্মুখৰ গ্লাছ খনৰ ফালে দলিয়াই দিলে। এটা প্রচণ্ড শব্দ কৰি গ্লাছ খনৰ লগতে ফোনটোও ভাঙি চিটিকি পৰিল। তাৰপিছত ধপলিয়াই ৰুমটোৰ একোনত থকা টেবুল খনৰ ওচৰলৈ গল আৰু  লগে লগে বটলটো হাতত তুলি পেগ এটা বনাই একে ঢোকতে খাই শেষ কৰিলে। এইবাৰ খঙত  নিজৰ হাতখনকে টেবুল খনত জোৰেৰে মাৰি দিলে। "তোক মই শুদাই নেৰো দিশা, যেনেকৈ আজি মই তোৰ কাৰণে অশান্তিত থাকিব লগা হৈছে ; এদিন তয়ো একেই শাস্তিয়ে ভূগিব লাগিব মাত্ৰ এবাৰ মোৰ প্লেন  success হবলৈ দে তাৰ পিছত তোক মই আচল খেল দেখুৱায় আছো let wait and watch ". আজি দুইবছৰে তোৰ পিছত কুকুৰৰ দৰে লাগি আছো। তই উঠ বুলোতে উঠিছো আৰু বহ বুলোতে বহিছো। কি কি কৰা নাই মই তোৰ কাৰণে! তোৰ আগে পিছে চাকৰ খাটা দি খাটি আছো একমাত্ৰ তোৰ পৰা এটা পজিটিভ উত্তৰ পোৱাৰ আশাত।মাত্ৰ এবাৰ অ' ইন্সপেক্টৰ দিশা মাত্ৰ এবাৰ তই আমাৰ বিয়াৰ কাৰণে মান্তি হ' আৰু তোৰ বাপেৰৰ সকলো সম্পত্তি মোৰ নামত আহি লওঁক, তাৰপিছত মই তোক তোৰ আচল জেগা দেখুৱাম । কিসমত ভি ক্যা গজৱ খেল খেলতী হে...নহী? দৃষ্টি স্বৰ্গ কে পিচ্ছে , তো দৃষ্টি কে পিচ্ছে অ'ৰ মে তেৰে পিচ্ছে opps sorry তেৰে পিচ্ছে কৌন মৰেগা বে' হাঃ হাঃ হাঃ মে তো তেৰে কৰ'ৰো কী যায়দাত কে পিচ্ছে, so much fun হাঃ হাঃ হাঃ। বহুত চখ আছে নহয় তোৰ দৃষ্টি ক ন্যায় দিয়াৰ হা, মেৰী ন্যায় কী মূৰত , ন্যায় কি দেৱী , তুজে তো আন্দাজা ভি নেহী হে কি তেৰে খোদ কে সাথ কিটনা বড়া অন্যায় হোনে যা ৰহা হে। এবাৰ মাত্ৰ তই "হা"কৰ তাৰ পিছত দেখা যাব তোক ন্যায় দিবলৈ কোন আহে। পিছে এইকেইদিন চলা যায় কেনেকৈ? হাতত থকা আধাখিনি টকাইতো গাড়ীৰ ইন্সতলমেণ্ট আৰু এই প্ৰকাণ্ড মহল সদৃশ ঘৰটোৰ লোণ ৰ নামত শেষ হল আৰু বাকীখিনি তই বিচৰা ধৰণে সমাজসেৱাৰ নামত দান কৰিবলগা হল।কি কৰিম!তোক ইমপ্ৰেছ কৰিবৰ কাৰণে ইমান খিনিটো কৰিবই লাগিব।এবাৰ মাত্ৰ তই মোৰ লগত বিয়াত বহিবলৈ "হা" কৰ তাৰপিছত সকলো সুদে মুলে আদায় কৰা হ'ব। ধেই ... ফোনটোও গ'লেই যেন পাইছো। arey on ho jaa please on ho jaa.....
ফোনটো বুটলি বেটেৰীতো লগাই অন কৰি লওঁতে vibrate হৈ উঠিল।unknown number?? এইসময়ত আকৌ কোনে ফোন কৰিলে।
: হেল্ল' 
:হেল্ল' sir goodmorning , আপুনি সমীৰ sir??
: নহয় মই bigboss reality showr পৰা ছলমান খানে কৈ আছো।hlw , namasty, salaam, sat sri akaal,kem cho,wassupp, welcome to bigboss14 . আব্বে  তই ফোন যালৈ কৰিবি সিয়েটো ৰিচিভ কৰিব ন'? মোলৈ ফোন কৰিছ' ,মোৰ ফোন যেতিয়া ময়ে ৰিচিভ কৰিম nonsense কাৰ'বাৰ।
                          (৬)
:I am sorry sir, মই প্ৰতাপ ডেকা । মই খুৱেই বিপদত পৰিহে আপোনালৈ ফোন কৰিলো।মোৰ পাঁচ বছৰীয়া ল'ৰাটো আজি আবেলিৰ পৰা নোহোৱা হৈছে। আমি ওচৰে-পাজৰে , আত্মীয়-স্ৰজন সকলোতে বিচাৰিছো যদিও এতিয়ালৈকে একো শুং-সূত্ৰ উলিয়াব পৰা নাই sir, মোৰ দূৰসম্পৰ্কীয় আত্মীয় এজনে আপোনাৰ ফোন numberটো দিলে।শুনিছো আপুনি সকলোকে সহায় কৰে,বহুত আশ্ৰয়হীনক আপুনি আশ্ৰয় প্ৰদান কৰি আহিছে, বহুত ভোকাতুৰক আপুনি নিজৰ উপাৰ্জনৰে খাদ্যৰ যোগান ধৰি আহিছে।তাৰোপৰি আপোনাৰ অনাথআশ্ৰম,মন্দিৰ-মছজিদ,এন.জি.অ আদিলৈ আগবঢ়োৱা সহায়ৰ হাতৰ কথা আমি বহুত শুনিছো।আপুনি আমাকো উদ্ধাৰ কৰক sir,মোৰ লৰাটোক বিচৰাত আমাক সহায় কৰক।তাৰ পৰিৱৰ্ত্তে আপুনি যি বিচাৰে,যি কৰিব কয় মই কৰিবলৈ সাঁজু আছো sir।
: ৰ'ব ৰ'ব ইমান উত্তেজিত হৈ লাভ নাই। নিজৰ লৰা-ছোৱালীক যদি চম্ভালি ৰাখিবই  নোৱাৰে তেন্তে জন্ম দিয়ে কিয়! এটা কাম কৰক আপোনাৰ লৰাৰ ফটো এখন আৰু detail মোৰ e-mail ত send কৰক,এনেও 24 ঘণ্টা নোহোৱালৈকে পুলিচে কোনো investigation start কৰিব নোৱাৰে। হ'লেও মই নিজৰ ফালৰ পৰা বাৰু যিমান পাৰো চেষ্টা কৰিম।
: thank you sir, আপুনি মহান,এইসময়ত আপুনি আমাৰ বাবে ভগৱান সদৃশ। আপোনাৰ এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। আপুনি যি বিচাৰে মই তাকেই দিবলৈ সাঁজু।
:(অহ... offerটো বেয়া নহয়চোন, chance পাওঁতে dance মাৰি লোৱাই ভাল হব)
:sir, আপুনি একো নকলে যে?
: অহ .. নাই নাই মোৰ ফোনটো অলপ পুৰণা হৈছেহে।কথা-বতৰা পতাত অলপ অসুবিধা হয়।আপুনি এটা কাম কৰিব,.... এটা নতুন ব্ৰেণ্ডেড ফোন আৰু 2লাখ টকাৰ সৈতে মোক কাইলৈ এপাক লগ কৰিব।চাওঁক, ফোনটো হলে আপোনাৰ ল'ৰাৰ case ৰ কথা পতাৰ কাৰণেই টো সুবিধা হব আৰু আপোনাৰ ল'ৰাৰ case টো চাই এইটো অপহৰণৰ case যেনেই লগিছে আৰু টকাখিনি অকল মই নিজৰ বাবেই বিচৰা নাইটো।কিছুটকা আমাৰ গোপন চোৰাংচোৱা খিনিকো টো দিব লাগিব... afterall আপুনিটো জানেই আমাৰ depatmentৰ কামবোৰ কিমান লেহেমীয়া হয় গতিকে caseটো মই অকলে handle কৰিম বুলি ভাবিছো। আপুনি মাত্ৰ টকাখিনি ready কৰি ৰাখক , আপোনাৰ লৰাটোৰ জীৱনতকৈ 2 লাখটকা বেছি important নহয় নিশ্চয়।
: আপুনি যেনেকৈ কৈছে তেনেকৈয়ে হব sir,আপুনি মাত্ৰ মোৰ লৰাটোক ঘূৰাই আনক,টকাৰ চিন্তা নকৰিব যিমান লগে মই সিমান উৰুৱাবলৈ প্ৰস্তুত আছো।
:ok then , আপুনি টকা ready কৰক ,কাইলৈ ক'ত লগ কৰিব লাগিব মই আপোনাক মেছেজ কৰি জনাম।আৰু শুনক,এই বিষয়ে যেন কোনেও গ'ম নাপায়। আপুনি মোৰ খেয়াল ৰাখক আৰু মই আপোনাৰ ল'ৰাৰ খেয়াল ৰাখিম।
:আপুনি নিশ্চিন্ত থাকক sir, এই বিষয়ে মই কাকো গ'ম পাব নিদিওঁ।
ফোনটো থৈ ইন্সপেক্টৰ সমীৰ সন্মুখৰ আইনাখনৰ ওচৰলৈ আগবাঢ়ি গ'ল । এক অনাবিল আনন্দত সমীৰৰ চকুহাল উজ্জলি উঠিল। "sorry Mr. ডেকা মই আপোনাৰ লগত এনেকুৱা কৰিব নালাগিছিল।এজন পুলিচ বিষয়াৰটো দায়িত্ব হয় বিপদত পৰা জনক সহায় কৰাটো,নহয়জনো? মই খুবই দুঃখিত আপোনাৰ সন্মুখত। হাঃ হাঃ হাঃ... কিন্তু মই কি কৰিম টকা চাল্লা বস্তুৱেই এনেকুৱা হয় যে ভাল ভাল মানুহৰো মনো গলাই দিব পাৰে, আৰু মইটো এটা সাধাৰণ পুলিচহে । টকাতকৈ বেছি শক্তিশালী এই পৃথিৱীত আৰু একোৱেই হ'ব নোৱাৰে, আৰু এই পৃথিৱীৰ সকলোতকৈ শক্তিশালী টকা এতিয়া মোৰ হাতৰ মুঠিত।হাঃ হাঃ হাঃ....
            ***********************


কিবা এটা চিন্তা কৰি Mr.ডেকাই বেলেগ এটা number ডায়েল কৰিলে । 
:হেল্ল'
: কাম হৈ গ'ল । finally টোপ দেখি মাছ জালত লাগিল।
:good job. পিছৰ খিনিটো প্লেন অনুসৰি সাৱধানে আগবাঢ়িব লাগিব।
: মই আপোনাক সকলো জনাই থাকিম। কাইলৈ মেছেজ কৰি জনাব ক'ত লগ কৰিব লাগে।
: ok, location send কৰিব আৰু ফোনৰ recording অন ৰাখিব। jay hind.
: jay hind.

                        (৭)
  দোকমোকালি  সময়, আকাশৰ এচুকত ৰঙা ৰঙৰ ৰং সানি বেলিটিয়ে ন-প্ৰভাতৰ সংকেত সমগ্ৰ পৃথিৱীতে বিয়পাই দিছে। বিবিধ জনা-নজনা চৰাইৰ কাকলিয়ে যেন এক সুৰীয়া গীতহে ৰচিছে। এজাক মুক্ত বিহংগৰ কিচিৰ-মিচিৰ শব্দত সাৰ পাই উঠিল দিশা। উঠিয়েই সন্মুখৰ বেলকণিৰ লগত সংযুক্ত খিৰিকীখন খুলি দিলে।এজাক পুৱাৰ শীতল বতাহে তাইৰ মন-প্ৰাণত এক অদ্ভূত শান্তিৰ দোলা দি গল। এচমকা শান্তিৰ উজ্জ্বল আবিৰে যেন তাইৰ সমগ্ৰ সত্তাক প্ৰাপ্তিৰ অপূৰ্ব আনন্দৰে উপচাই পেলালে। 
বিপ্ বিপ্ .. ফোনটোৰ vibrationৰ শব্দত দিশা বাস্তৱলৈ ঘূৰি আহিল। ফোনটো হাতত তুলি ৰিচিভ কৰিবলৈ লৈ স্কীনত DGP sir ৰ numberটো দেখি তাই অলপো পলম নকৰাকৈ ফোনটো ৰিচিভ কৰে।
:হেল্ল' sir,
: ইন্সপেক্টৰ দিশা, এটা case ৰ investigationৰ বাবে আপোনাৰ  সহযোগিতা অত্যন্তই প্ৰয়োজনীয় হৈ পৰিছে। আৰু case টো অতিকৈ স্পৰ্শকাতৰ।
:কিন্তু sir মইটো already এটা বেলেগ case ৰ investigationত involve হৈ আছো আৰু আপুনিটো এই বিষয়ে ভালকৈ জানে sir, তেনেস্থলত মই কেনেকৈ....
: কোনো কিন্তু নাই ইন্সপেক্টৰ দিশা। মই আগতেই আপোনাক জনাইছো যে caseটো অতিকৈ স্পৰ্শকাতৰ। বহুত বেছি প্ৰয়োজনতহে মই আপোনাক call কৰিছো। আৰু এই case টোৰ বাবে আপোনতকৈ বেলেগ কোনোবা উপযুক্ত হব বুলি মই নাভাবো।কিয়নো এই caseটোৰ লগত আপোনাৰ,মোৰ আমাৰ সকলোৰে ভৱিষ্যত জড়িত হৈ আছে।
:ok sir মই সাজোঁ আছো।
: ok ইন্সপেক্টৰ দিশা, আপুনি কাইলৈ ঠিক 9.00 বজাত ঘৰৰ পৰা ওলাব, location মই আপোনাক send কৰিম। চিন্তা নকৰিব  case টোৰ solve কৰাত আপোনাক আমাৰ আৰু এজন বেলেগ অফিচাৰে সহায় কৰিব। কাইলৈ caseটোৰ সকলো detail আৰু আমি লবলগীয়া পদক্ষেপ সমূহৰ বিষয়ে আলোচনা কৰা হব।
            **************************
 ঘড়ীটোৱে ৰাতিপুৱা 8.00 বজাৰ সংকেত দিলে, এটা নতুন দিনৰ আৰম্ভনি। 9.00 বজাত ঘৰৰ পৰা ওলাবলগীয়া কথাটোৱে তাইক চিন্তিত কৰি তুলিলে। আজি 2 বছৰে নিজৰ ঘৰৰ গেটখনৰ বাহিৰখন নেদেখা তাই জনীয়ে এতিয়া ঘৰৰ পৰা ওলাই কেনেকৈ? এই দুবছৰত এবাৰে তাই মাথো ঘৰৰ পৰা বাহিৰত ওলাইছিল,তাকো মাকৰ লগত ডাক্তৰৰ ওচৰত যাওঁতে। এতিয়া তাইক অকলেযে মাকহতে ঘৰৰ বাহিৰত ওলাব দিব তাৰ আশাও ক্ষীণ। আৰু তাইনো  মাকহতক কব কি বুলি ? মাত্ৰ এঘণ্টা সময় হাতত আছে। উফ্‌ কি কৰা যায় বাৰু, কি কৰিলে সমস্যাটো সমাধান কৰিব পৰা যাব বাৰু..... হঠাৎ কিবা এটা ভাবি তাইৰ মুখখন উজ্জ্বলি উঠিল... আইদিয়া.. ।তাই বিচাৰি পোৱা আইদিয়া টোৰ কথা ভাবি থাকোতে এইবাৰ তাইৰ চকু টেবুলত আটোমটোকৰি কৈ সজাই থোৱা দৃষ্টিৰ ফটো খনত গৈ নিৱদ্ধ হৈ পৰিল আৰু তাই ক্ৰমে ফটোখনৰ দিশে আগুৱাই গল... "মই জানো মোৰ এই কামটোৱে হয়তো মোৰ পিতৃ-মাতৃসম এই মানুহহালৰ মনত বৰ কষ্ট দিব,কিন্তু তাৰ বাহিৰে মোৰ হাতত একো আৰু ৰাস্তাও টো নাই। I am sorry দৃষ্টি, তুমি যতে আছা পাৰিলে মোক ক্ষমা কৰি দিবা। তোমাক ন্যায় দিবলৈ আহি তোমাৰ মা-দেউতাক ইমান ডাঙৰ কষ্ট দিব ওলাইছো মই।আমি সকলো পৰিস্থিতিৰ দাস, আৰু সত্যক কেতিয়াও পৰিস্থিতিৰ আঁৰত লুকুৱাই ৰাখিব নোৱাৰি,সময় আৰু পৰিস্থিতি সাপেক্ষে ই এদিন নহয় এদিন পোহৰৰ বাট ল'বই"।

                            (৮)
:দৃষ্টি, বাহিৰলৈ ওলাই আহা চোন..এইয়া কোন আহিছে চোৱাহি।
মাকৰ মাত শুনি দৃষ্টি লৰালৰিলৈ ৰুমৰ পৰা ওলাই গল। বাহিৰত বহুতো লোকৰ হুলস্থূল তাই ৰুমৰ পৰাই শুনিব পালে " হয়তো কোনোবা আলহী আহিছে চাগৈ" কথাষাৰ মনতে আওৰাই তাই ড্রইংৰূম পালেগৈ। হয় তাই অনুমান কৰাৰ দৰে আলহী মানে দেউতাকৰ পুৰণি বন্ধু এজন সপৰিয়ালে আহিছে।
:দৃষ্টি, মোক চিনি পাইছানে?সৰুতে যে তুমি আমাৰ ঘৰলৈ গলে আহিবই নিবিচাৰিছিলা, দেউতাকৰ সমবয়সীয়া লোক জনে তাইৰ ফালে চাই কৈ উঠিল। 
তাই তেওঁৰ ফালে চাই হাঁহি মূৰটো লাহেকৈ দুপিয়াই থলে।
বহুত দিনৰ মূৰত তাই আজি দেউতাকৰ(দৃষ্টিৰ দেউতাক)ৰ মুখত হাঁহি দেখিবলৈ পালে।দুয়ো বন্ধুৱে মিলি পুৰণি স্মৃতি ৰোমন্থন কৰাত ব্যস্ত হৈ পৰিছে। বহুত দিনৰ মূৰত যেন আজি ঘৰটোৱে প্ৰাণ পাই উঠিছে। দুয়োটা পৰিয়ালৰ পাৰ ভাঙি যোৱা আনন্দ আৰু হাঁহিৰ শব্দত যেন গোটেই ঘৰ ৰজনজনাই গৈছে।
কিন্তু এইয়া কি .... চাহ দিব আহি দৃষ্টি হঠাতে মাটিত ঢলি পৰিল।তৎক্ষণাৎ কি হৈ গল যেন কোনেও তলকিবই নোৱাৰিলে।হাঁহি ধেমালিৰে মুখৰিত হৈ থকা ঘৰখন মুহূৰ্ততে যেন কাঁহ পৰি জিন গল। লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হল। ল'ৰা-লৰিকৈ দৃষ্টিক গাড়ীত বহুৱাই চিকিৎসালয়লৈ লৈ যোৱা হ'ল।
এক চেকেণ্ডৰ কাৰণে মাক-দেউতাকৰ ভয়খোৱা আৰু চিন্তিত মুখকেইখন দেখি তাইৰ বেয়া লাগিছিল যদিও ঘৰৰ পৰা ওলায়যোৱাৰ বাবে ইয়াতকৈ ভাল সুযোগ আৰু বেলেগ পোৱা নাযাব বুলি ভাৱি তাই প্লেন অনুযায়ী সকলো কৰি গ'ল।

        ***************************** 

গাড়ীখন গৈ হয়তো আধা ৰাস্তাও অতিক্ৰম কৰা নাছিল, হঠাতে যেন সকলো খেলি-মেলি হৈ গল।ৰাস্তাৰ কাষত আগৰে পৰা চুপ লৈ থকা এজাক অস্ত্ৰধাৰী লোক আহি মুহূৰ্ততে গাড়ীখন আগভেটি ধৰি গাড়ী ৰখাবলৈ নিৰ্দেশ দিলে। দৃষ্টিয়ে কিবা কৰিব পোৱাৰ আগতে তাৰ মাজৰে কোনোবা দুজনে আহি ৰুমালেৰে তাইৰ মুখখন হেঁচি ধৰিলে আৰু লগে লগে তাই অচেতন হৈ ঢলি পৰিল। অসহায় হৈ চাই থকা মাক-দেউতাকৰ লগতো সিহঁতে সেই একে পদ্ধতিয়ে ব্যৱহাৰ কৰিলে আৰু তেওঁলোকো তাইৰ দৰেই মাটিত ঢলি পৰিল। এইবাৰ অস্ত্ৰধাৰী লোক কেইজন দৃষ্টিৰ ফালে আগবাঢ়ি আহিল আৰু তাইৰ লগত থকা নথি-পত্ৰ বোৰ চেক কৰি কোনোবা এজনলৈ ফোন কৰি সকলো ঠিকে আছে বুলি ইনফৰ্ম কৰিলে।
 
                              (৯)
:কাগজ-পত্ৰ সকলো মিলিছে,মানে আমি সন্দেহ কৰাটোৱে হয় sir
:ঠিকে আছে।বাকী তাইৰ sense আহিল নেকি বাৰু?
:নাই।এতিয়ালৈকে নাই।কিন্তু খুব সোনকালে আহিব।
:ok , ধ্যান ৰাখিবা।আমি গৈ আছো।
হঠাৎ মানুহৰ কথা পতাৰ শব্দত দিশা সাৰ পাই উঠিল।হয় তাই ঠিকেই শুনিছে। ক'লা ৰঙৰ মাস্ক পিন্ধা মানুহ এজনে ফোনত হয়তো সিহঁতৰ কোনোবা হেড ৰ লগত তাইৰ বিষয়ে কথা পাতিছিল। হয়তো তাইৰ sense অহাক লৈ। লাহেকৈ তাই তাইৰ পকেটত হাত দি চালে.... oh shit,তাৰমানে মোৰ সকলো secret এতিয়া ইহঁতৰ হাতত পৰিল।মানুহজন ৰুমৰ পৰা ওলাই যোৱাৰ সুযোগতে তাই তাইক ৰখা গোটেই ৰুমটো এফালৰ পৰা চলাথ কৰিও  তাইক  ক'ত ৰখা হৈছে সেই সন্দৰ্ভত  একো তথ্য উলিয়াব নোৱাৰিলে। এইবাৰ তাই মোজাৰ ভিতৰত লুকুৱাই ৰাখা চুৰীখন সংগোপনে উলিয়াই  সাজোঁ হওঁতে দৰ্জাখন খুলি কোনোবা দুজন মানুহ ৰুমটোলৈ সোমাই আহিল। তাইও চুৰীখন হাতেৰে ধৰি নিজকে এক ভয়াবহ বিপদৰ বাবে প্ৰস্তুত কৰি ললে। দৰ্জাখন খোলাৰ লগে লগে তাই চুৰীখনৰ ছাপ মানুহজনৰ ওপৰত বহুৱাবই বিচাৰিছিল,তেনেতে দুজন মাস্ক পিন্ধা মানুহৰ মাজৰ এজনে তাইৰ হাত খন থাপ মাৰি ধৰিলে।
: relax , ইন্সপেক্টৰ দিশা, আমি আপোনাৰ একো ক্ষতি নকৰো।
এইবুলি দুইজনে নিজৰ নিজৰ মাস্ক দুখন খুলি দিলে।
: sir,আপুনি.... আপুনি এইবোৰ কৰিছিল।
:সময় পাৰ হৈ যোৱাৰ পিছতো যেতিয়া তুমি আহি পোৱা নাছিলা তেতিয়া আমি "প্লেন A" সফল নোহোৱাৰ সন্দেহত পূৰ্বপৰিকল্পিতভাৱে "প্লেন B"ৰ অভিযানত নামি পৰিছিলো। আৰু এওঁ হৈছে তোমাক caseটোৰ investigation ত সহায় কৰিবলৈ select কৰা officer জন , লগত থকা মানুহজনলৈ তেখেতে আঙুলিয়াই দেখুৱালে।
ইমান সময় ডি আই জি sir ৰ লগত কথা পাতি থাকোতে চোন তাই কাষত থিয়হি থকা জনলৈ চাবলৈ পাহৰিয়ে গৈছিল।sir ৰে চিনাকি কৰাই দিয়াৰ পিছত হে তাই officer জনলৈ দৃষ্টি নিক্ষেপ কৰিলে আৰু এক অজান আশংকাত তাইৰ গোটেই গাটো জিকাৰ খাই উঠিল। নিজৰ চকুকে যেন তাই বিশ্বাস কৰিব পৰা নাই,কিন্তু ই সম্ভৱ কেনেকৈ? 
: তুমি ইয়াত???? Officer জনে তাইতকৈও আচৰিত হৈ কৈ উঠিল।
: আপুনি ইয়াত?? কিন্তু আপুনিটো.....
:"তোমালোকে আগৰে পৰা ইজনে সিজনক চিনি পোৱা নেকি"? তাইৰ কথাষাৰ কৈ শেষ কৰিব নাপাওঁতে ডি আই জি sir এ মাত লগালে।
:নাই sir বহুত বছৰৰ আগতে common friend এজনৰ এটা party ত লগ পাইছিলো। আচল কথাটো officer জনক ক'ব নিদি তাই মাত দিলে।
:ohh সেইবোৰটো ঠিকে আছে ইন্সপেক্টৰ দিশা, কিন্তু এইবোৰ কাগজ????? তুমি ইমানদিনে এইবোৰ কথা আমাৰ পৰা....
:লুকুৱাই ৰাখিছিলো sir, কিন্তু কথাবোৰ লুকুৱাৰ কিছুমান কাৰণ আছে আৰু সেইবোৰ মই নিৰ্দিষ্ট সময় আহিলেহে আপোনালোকক ক'ব পাৰিম।
:সঁচা কথা ক'ব গলে মোৰ তোমাৰ ওপৰত মই তোমালৈ ফোন কৰি কথা পতাৰ দিনাই সন্দেহ হৈছিল...গতিকে ....
: গতিকে মোৰ তালাচী লোৱা হ'ল...
:আৰু একো optionএ তুমি মোৰ সন্মুখত ৰখা নাছিলা। আৰু তুমিতো জানাই মনত সন্দেহ লৈ কাম কৰা মানুহ মই নহয়।any way, case ৰ detail তোমাক ইনমধ্যে send কৰা হৈছে।আৰু এই মাইক্ৰ যন্ত্ৰ কেইটা নিজৰ লগত ৰাখিবা,তোমাৰ প্ৰয়োজনত কামত আহিব। ঘৰ পাই আমাৰ লগত যোগাযোগ কৰিবা।
:কিন্তু sir," মোৰ মা-দেউতা ক'ত আছে"? ঘৰ শব্দটো শুনি  হঠাৎ তাইৰ  নিজৰ জীৱনৰ কথা নাভাবি তাইৰ কাৰণে নিজৰ প্ৰণো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা মানুহাললৈ মনত পৰিল।
:তেওঁলোক ঠিকে আছে।অলপ পিছতে তেওঁলোকৰো sense আহিব।তাৰ আগতে তেওঁলোকক নি গাড়ীত বহাই থৈ আহিব লাগিব।don't worry ইন্সপেক্টৰ দিশা, তেওঁলোক সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু এই সময়খিনিত ঘটা কোনো ঘটনাই তেওঁলোকৰ মনত নাথাকে। 
ব'লা, আৰু একমিনিট সময়ো আমি ইয়াত থকাটো উচিত নহব।

                             (১০)
 ঘৰলৈ আহিও দিশাৰ  মনলৈ সেই একেখিনি কথাই আহি থাকিল। আজিৰ দিনটোত ঘটা এটা এটা ঘটনা তাইৰ চকুৰ সন্মুখত ভাঁহি থাকিল। ৰাতিপুৱা ৰং-তামাচাৰে ভৰি থকা ঘৰখনক যেন এতিয়া নিস্তব্ধতাই গ্ৰাস কৰিছে। মাক-দেউতাক ঘৰতে আছে যদিও মুখত কাৰো এষাৰ মাত নাই, ডি আই জি sir এ কোৱাৰ নিচিনাকৈ তেওঁলোকে আজি দিনটোৰ সকলো ঘটনাই পাহৰি পেলাইছে।
 তাই বাৰু কথাবোৰ সমীৰক কৈ দিব নেকি? সমীৰৰ পৰা কথাবোৰ লুকুৱাটো ভাল হব জানো? নাই আন নহলেও নতুন officer জনৰ বিষয়েটো সমীৰক জনাবই লাগিব। 
 সমীৰৰক জনাবলৈ বুলি ফোনটো হাতত তুলি তাই সমীৰৰ number তো ডায়েল কৰিলে।
উফ্ এইজনীৰ পৰা আৰু মোৰ শান্তি নহব, এতিয়া বা আকৌ কি হুকুম তৰিবলৈ মহাৰানীয়ে ফোন কৰিলে।নকৰোয়ে যা তোৰ ফোন ৰিচিভ। এইবুলি ফোনটো সি বিচনাৰ ফালে দলিয়াই দিলে।বিপ্ বিপ্ .... আকৌ ফোনটো বাজি উঠিল।"এইজনীয়ে মানে মোক শেষ কৰিহে এৰিব,আৰে ফোনটো ৰিচিভ কৰা নাই যেতিয়া বুজ না যে busy আছো,নাই নহলে তাই অফিচাৰগিৰি কেনেকৈ দেখুৱাব....ৰিচিভ নকৰিলে যেন ফোনৰ পৰা বাহিৰ ওলাই তাই অৰ্ডাৰ দিবহি"। উপায় নাই আৰু মানে...
:দিশা, মই অলপ busy আছো পিছত তোমাক কল কৰি আছো
:কোন দিশা?ইন্সপেক্টৰ সমীৰ মই Mr ডেকাই কৈছো। মোৰ কথা মনত আছে নিশ্চয়, 2 লাখ টকা....
:oh sorry Mr ডেকা।(ছেহ্ ফোনটো আকৌ মহাৰণীয়ে কৰিছে বুলি ভাৱি numberটো নোচোৱাকৈয়ে মানে ফোনটো ৰিচিভ কৰিলোঁ)। মই আচলতে অলপ ব্যস্ত হৈ আছিলো গতিকে.....
:বাদ দিয়ক হে আপোনাৰ ব্যস্ততা, আপুনি মোৰ লৰাটোৰ সন্ধান তো উলিয়াব নোৱাৰিলে আৰু মোৰ 2 লাখ টকাও হজম কৰি বহি আছে। সোনকালে মোৰ টকা মোক ঘূৰাই দিয়ক,মোৰ ল'ৰা মই নিজেই বিচাৰি উলিয়াম।
:আপুনি মোক দম দিছে নেকি? নে অলপ বেছি নিচা লগিছে?জানে নহয় মই কোন হয়,এতিয়াই তোৰ ল'ৰাৰ দৰে তোকো "গায়ব "কৰি দিব পাৰো মই।
:দম দিয়া নাই sir মাত্ৰ সোঁৱৰাই দিছো অতি সোনকালে যদি মই মোৰ টকা ঘূৰাই নপাওঁ তেন্তে মই আপোনাৰ complain আপোনাৰ seniorৰ ওচৰত কৰিম।
ইন্সপেক্টৰ সমীৰক ভয় খুৱাবলৈ senior নামৰ অস্ত্ৰ পাতক ব্ৰহ্মাস্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰিলে Mrডেকায়ে।আৰু তেওঁ ভৱাৰ দৰে এই ব্ৰহ্মাস্ত্ৰয়েও নিজৰ চমৎকাৰ দেখুৱালে।
:এইটো আপোনাৰ আৰু মোৰ মাজৰ বুজা-পৰাৰ কথাহে,তাতে আকৌ seniorক বাৰু কিয় মাজত আনিব লগে।আপুনি মাত্ৰ মোক দুদিন সময় দিয়ক মই আপোনাৰ টকা উভতাই দিম।
:চাওক যিমান সোনকাল কৰিব আপোনাৰ নিজৰ কাৰণে ভাল।
কথাষাৰ কৈয়ে Mrডেকাই ফোনটো সংযোগ বিছিন্ন কৰি দিলে।
চাল্লা, যিমান সোনকাল কৰিব নিজৰ কাৰণে ভাল,এতিয়া এটা সাধাৰণ মানুহে মোৰ ভাল বেয়া নিদ্ধাৰণ কৰিব? Sandwich ত দুখন ব্ৰেডৰ মাজত বিলাহী সোমোৱাৰদৰে এনেকৈ মাজত বাৰু senior ক সোমোৱাব লগিছিল নেকি বাৰু।এতিয়া 2 লাখ টকা মই কেনেকৈ আনো?ক'ৰ পৰা আনো? অহ্ আইডিয়া, হঠাৎ কিবা এটা বিচাৰি পোৱাৰ দৰে সমীৰ বিচনাৰ পৰা জাপ মাৰি উঠিল।"মোৰ সোণৰ কণী পৰা হাঁহ জনী থাকোঁতে ইমান চিন্তা কিহৰ"? Yes yes দিশা,এতিয়া তই দিবি Mrডেকাক টকা।আৰে তোক পতাবলৈ তোক কিমান দামী দামী গিফট্ দিলো,মঠ-মন্দিৰ,অনাথআশ্ৰম আদিৰ নামত যে কিমান টকা উৰুৱালোঁ। এতিয়া টাইম হ'ল তাৰ return গিফট্/re-payment লোৱাৰ,মোৰ কাৰনে ইমানখিনিটো কৰিবই লাগিব তই।

                            (১১)
 ৰিং হৈ হৈ বন্ধ হৈ যোৱা ফোনটোৰ ফালে দিশায়ে অনিচ্ছা সত্বেও হাতখন আগবঢ়াই দিলে।"কোনে যে এই অসময়ত ফোন কৰি ইমান ধুনীয়া টোপনিতো ভাঙিলে নহয়। অহ্ সমীৰৰ ফোনচোন"। ৰিচিভ নকৰিলে নহয় এনেকুৱা এটা ভাৱেৰে তাই ফোনটো ৰিচিভ কৰিলে।
 :হেল্ল'
 :Hey দিশা।
 :Hi সমীৰ, মই ফোন কৰিছিলোঁ অলপ আগতে তোমালৈ ফোন,ৰিচিভ নকৰাৰ কাৰণে ভাবিলো busy আছা চাগৈ।গতিকে দ্বিতীয় বাৰ call নকৰিলো।
 :নকবা আৰু দিশা মই বৰ ডাঙৰ বিপদত পৰিছো।কোনফালে কি কৰিম একো ধৰিবই পৰা নাই।
 :কি হল সমীৰ,কি বিপদৰ কথা কৈছা তুমি?
 :........
 :সমীৰ মুখেৰে একো নামাতা কিয়? মোৰ কিন্তু বৰ ভয় লাগিছে সমীৰ।
 : actually দিশা, মোৰ পেহীৰ গাটো খুব বেয়া, ডক্টৰে তেওঁৰ এটা মেজৰ operation কৰিব লাগিব বুলি কৈছে। পেহীৰ নিজৰ বুলিবলৈ কোনো নাই।কেউ-কিছো নোহোৱা মানুহজনীৰ দায়িত্ব  ময়ে পালন কৰি আহিছিলো যদিও আজি মই যেন তেওঁৰ দায়িত্ব পালন কৰাত অসমৰ্থ হৈ পৰিছো,মই বাৰু এতিয়া কি কৰো দিশা।
 : ৰবাচোন সমীৰ অলপ ধৈৰ্য ধৰা।আৰু ঘটনাটো কি হৈছে মোক ভালকৈ বুজাই কোৱা,তোমাৰ যে এজনী পেহীও আছে মইচোন জনাই নাছিলো।
 : (মহাৰাণীৰ ইন্সপেক্টৰগিৰী ষ্টাৰ্ট হৈ গল) পেহীৰ কথা কবলৈ আমিচোন দুবছৰৰ আগতহে ইজনে সিজনক লগ পাইছিলো আৰু এই দুবছৰত ফোনত কথা পতাৰ বাহিৰে আমিনো লগ হৈছোৱে কেইবাৰ। ডক্টৰৰ মতে operationটোৰ পিছত পেহী সুস্থ হৈ উঠিব। কিন্তু তাৰ বাবে 3 লাখ টকা লাগিব,আৰু মোৰ হাতত বৰ্তমান 1টকা এটাও নাই,জমা পইচাৰ আধাখিনিয়ে  এন.জি.অ এটাত দিলো আৰু আধাখিনি পেহীৰ চিকিৎসাৰ নামত খৰচ হল।এতিয়া মই ইমানখিনি টকা কৰ পৰা পাওঁ বাৰু।আৰু operation টো নহলেও পেহীৰ.....হে ভগৱান...
 :নাই নাই সমীৰ,চিন্তা নকৰিবা পেহীৰ একো নহয়।মোৰ তাত জমা টকা অলপ আছে.....
 :thank you so much দিশা thank you so much,মই জানিছিলোৱে তুমি মোক help কৰিবাই।তেন্তে কাইলৈ মোক চহৰৰ মাজমজিয়াত  নতুনকৈ খোলা restaurant খনত লগ কৰিবা,কি নাম আছিল restaurant খনৰ? 
 :অনুৰাগ।
 :oh yes, কাইলৈ আবেলি মোক অনুৰাগত লগ কৰিবা। actually টকা খিনিৰ মোক urgent লগে।
 :ok ,মই 4 মান বজাত গৈ পাম।
 :মই wait কৰিম।এতিয়া ৰাখোঁ বাৰু bye
 :bye.
   ******************************
:thanks দিশা তোমাৰ help ৰ কথা মই জীৱনভৰ মনত ৰাখিম।তুমি মোৰ  বৰ ডাঙৰ উপকাৰ কৰিলা।
:its ok সমীৰ dost hi toh dost ke kam ate hain. এতিয়া আমি ইয়াৰ পৰা যোৱা ভাল হব নেকি? 
দিশা আৰু সমীৰ বহা ঠাইৰ পৰা উঠি যাবলৈ ওলাইছিলহে তেনেতে......
:আৰে দৃষ্টি তুমি ইয়াত? কাৰ লগত আহিছা?আৰু এওঁ কোন হয়?
:আপুনি ইয়াত........
  
                            (১২)
:এওঁ মোৰ বন্ধু হয় সমীৰ, আৰু এয়া.....
:নীল, right? 
:হয়, দৃষ্টিৰ শৈশৱৰ বন্ধু।
:দৃষ্টিয়ে কৈছে মোৰ আগত আপোনাৰ কথা।
:ৱাহহ ময়ো যে মানুহৰ আলোচনাৰ বিষয়বস্তু হব পাৰো জানি ভাল লাগিল। দৃষ্টিয়ে কিন্তু মোৰ আগত আপোনাৰ বিষয়ে আজিলৈকে একো কোৱা নাই ।any way আপোনাক লগ পাই ভাল লাগিল।
:same here, by the way আমি এতিয়া গৈ থাকো নেকি নে কি কোৱা দৃষ্টি?
: ok  bye Mr. সমীৰ ,আশা কৰো ভাগ্যত থাকিলে পুনৰ লগ পাম।
:নিশ্চয়।
**************************************
 দৃষ্টি, ভাত বাঢ়িছো আহা খাই লোৱাহি। মাকৰ মাত শুনি দৃষ্টি ভাত খাবলৈ বুলি ৰুমৰ পৰা ওলাই আহি ডাইনিং ৰুম পালেহি।
 :দৃষ্টি, তোমাৰ হাতত  সদায় পিন্ধি থকা আঙুঠিটো কি হল।
 :মাকৰ কথাত হে তাইৰ নিজৰ হাত খনৰ আঙুঠি পিন্ধা আঙুলিতোলৈ চকু গল। ইছ্ ইমান সময়নো তাই কথাটো মনেই কৰিব নালাগিছিল নে...
 : হাত-মুখ ধুওতে বাথৰূমতে কৰবাত পৰিল চাগে। মই এতিয়াই বিচাৰি চাওগৈ ৰবা।
 :নালাগে, আগতে খাই লোৱা তাৰপিছত য'ত বিচৰা বিচাৰি থাকিবা।
    **********************************
ঘৰ পাই সমীৰে প্ৰথমতে টকাখিনি উলিয়াই হিচাপ কৰাত লাগি গল আৰু টকাৰ বাণ্ডিল এটা উঠাই নাকৰ ওচৰলৈ আনি দীঘলকৈ উশাহ এটা টানি ললে, "উফ্ কি ধুনীয়া সুগন্ধ"। টকাখিনি বাহিৰলৈ উলিয়াওতে হঠাৎ কিবা এটা টান বস্তুত লাগি সমীৰৰ হাত খন ৰৈ গল।আৰে এইটো .... এইটো চোন এটা আঙুঠি,ভালকৈ নিৰীক্ষণ কৰি আঙুঠি টো যে সোণৰ আঙুঠি সেইটো সি নিশ্চিত হল। আৰে ৱাহ্ কি সুন্দৰ .... ভগৱানৰ মোৰ ওপৰত অলপ বেচিয়েই কৃপা দৃষ্টি পৰিছে যেন পাওঁ, টকাৰ লগত সোণৰ আঙুঠিও একেবাৰে free free free হাঃ হাঃ হাঃ।
ক্ৰিং ক্ৰিং  ....... সমীৰৰ ফোনটো বাজি উঠিল। অহ দিশা মহাৰণীৰ ফোন, "বিনামূলীয়া ভাষণ শুনিবলৈ ৰেডি হৈ ল' সমীৰ"
:হেল্ল'
:সমীৰ, সমীৰ মই তোমাক লগ কৰিব যাওঁতে মোৰ হাতত বাৰু মোৰ সোণৰ আঙুঠিটো দেখিছিলনে? মানে মোৰ আঙুঠিটো হেৰাই থাকিল।
: ( তাই আঙুঠি পিন্ধিছিলিয়ে নে নাইয়ে নে মই যেন সেইটোহে চাবলৈ গৈছিলো,আৰে ভাই মোৰ মতলব মোৰ টকাৰ লগত আছিল , আচ্ছা ......তাৰমানে মই এইমাত্ৰ পোৱা আঙুঠিটো মহাৰণীৰ আছিল , oh my God.... wah re kismat)......
:একো নোকোৱা যে সমীৰ,মোৰ আঙুঠিটো দেখা পাইছিলা নেকি?
: come down দিশা, তাকেই ভাৱি আছিলো..... ইমান টেনশ্যন কিয় লৈছা ..... সাধাৰণ সোণৰ আঙুঠি এটাহে আছিল  মাত্ৰ।
: actually আঙুঠিটো মোৰ কাৰণে বহুত important আছিল সমীৰ, হব দিয়া bye।
:ok bye.... ভালকৈ বিচাৰি চোৱা ওলাবও পাৰে কৰবাত।
  ফোনটো কাটি দিশায়ে এক স্বস্তিৰ নিশ্বাস এৰিলে । "ঠিকেই ইন্সপেক্টৰ সমীৰ তুমি কোৱাৰ দৰে মোৰ এই সাধাৰণ আঙুঠিটোৱে যাতে সোনকালে কিবা এটা অসাধাৰণ চমৎকাৰ কৰি দেখুৱায়"। কিন্তু তোমাৰ যে এইটো ৰূপো দেখিবলগীয়া হব মই সপোনতো কল্পনা কৰা নাছিলো, এতিয়াও মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰো ডি আই জি sir আৰু মোৰ মনত তোমাক লৈ যি সন্দেহৰ সৃষ্টি হৈছে তাৰ যেন ইয়াতে পৰিসমাপ্তি ঘটক,আমাৰ সন্দেহ যাতে ভূল প্ৰমাণিত হয়।
  *******************************
ক্ৰিং ক্ৰিং...... দিশাৰ ফোনটো বাজি উঠিল। 
:হেল্ল' অফিচাৰ
: Hi দিশা, কাম হল।
: কাম হল, কিন্তু আমাৰ next step কি হব?
: প্ৰথম ৰেকৰ্ডিং খিনিৰ পৰা কি information পোৱা যায় চাই লওঁ আৰু তাৰ পিছত সেই information খিনি follow কৰিয়ে আগবাঢ়িব লাগিব।
:ঠিকে আছে বাৰু অফিচাৰ ।

                        (১৩)
ফোনত কথা পাতি থাকোতে দিশায়ে ঠাঁচ্ কৈ কিবা এটা পৰি ভাঙি যোৱাৰ শব্দত পিছলৈ ঘূৰি চাই ৰীমাক ( দৃষ্টিহঁতৰ ঘৰৰ কাম কৰা ছোৱালী) তাইৰ পিছফালে থিয়হি থকা দেখা পালে।
: ৰীমা ..... তই মানে....
:অ বাইদেউ মই সকলো শুনিলো। তাৰমানে আপুনি আমাৰ দৃষ্টি বাইদেউ নহয়? তেন্তে আপুনি কোন হয়? আৰু দৃষ্টি বাইদেউ ক'ত আছে?
:সেইবোৰ বহুত কথা, মই বাৰু তোক পিছত সকলো বুজাই দিম, কিন্তু এতিয়া তই এইবোৰ কথা কাৰো আগত নকবি প্লিজ।
:আৰু আপুনি.......
:মই ইন্সপেক্টৰ দিশা ।
 ফোনটোৰ সিপাৰে নতুন অফিচাৰ জনেও ইতিমধ্যে সকলো কথা  গম পাইছিল।
:দিশা মোৰ হাতত এটা প্লেন আছে, and trust me যদি ৰীমায়ে আমাৰ হেল্প কৰিব বিচাৰে আমি বহুত সোনকালে সমীৰক expose কৰিবলৈ সক্ষম হম।
: এইবোৰ আপুনি কি কৈছে.... ইয়াত ৰীমায়ে আমাক কেনেকৈ হেল্প কৰিব? প্লেনটো কি.....
: শুনা তেন্তে.......
( এইবাৰ দিছায়ে ফোনটো speaker mode ত লগাই দিলে)
:কিন্তু অফিচাৰ ইয়াত বহুত risk আছে, আৰু ৰীমা কোনো expert নহয়, I am sorry মই ৰীমাক জানি বুজি বিপদৰ মুখলৈ ঠেলি দিব নোৱাৰো।
:চোৱা দিশা, সমীৰ নিজেই এজন পুলিচ বিষয়া হয়, গতিকে এই ক্ষেত্ৰত যদি আমি কোনোবা expert ৰ সহায় লওঁ তেন্তে সেইটো ধৰা পেলাবলৈ তাক দুই চেকেণ্ডও নালাগিব, কিন্তু অলপ ঠাণ্ডা মগজুৰে চিন্তা কৰি চোৱা দিশা এই ক্ষেত্ৰত যদি ৰীমায়ে আমাক সহায় কৰিবলৈ সাজোঁ হয়, তেন্তে সমীৰে ৰীমাক সন্দেহ কৰাৰ প্ৰশ্নই নাহে।
:চাৰ, বাইদেউ আপোনালোকে এইবোৰ কি কৈ আছে মই একো ধৰিব পৰা নাই ,আৰু এই সমীৰ কোন হয় ?আৰু আপোনালোকৰ কথাৰ পৰা সমীৰ যে কোনো ভাল মানুহ হয় মোৰ তেনে লগা নাই।
:ঠিকেই ৰীমা, সমীৰ ভাল মানুহ নহয়,সি এটা ডকাইত হয়,তাৰোপৰি বহুকেইটা হত্যা আৰু ড্ৰাগ ব্যৱসায়  case ত তাক সন্দেহ কৰা হৈছে যদিও পুলিচ ডিপা‍ৰ্টমেন্টে  আজিলৈকে কোনো তাৰ বিৰুদ্ধে প্ৰমাণ গোটাব নোৱাৰিলে।গতিকে case টো এইবাৰ CBI ক দিয়া হৈছে আৰু মই হলো CBI ইন্সপেক্টৰ দিশা।
: ঠিক আছে তেনেহলে বাইদেউ মই আপোনালোকক সহায় কৰিবলৈ সাজু আছো। কিন্তু মই এইবোৰ কৰিম কেনেকৈ?
:সেয়া তই চিন্তা কৰিব নালাগে আমি তোক সকলো শিকাই দিম,......তই আকৌ এবাৰ কথাটো চিন্তা কৰি চা.... কামটো ইমান সহজো নহয় কিন্তু।
:মই চিন্তা কৰিলো বাইদেউ, আৰু চাবলৈ গলে এই পৃথিৱীৰ কোনটো কামনো বাৰু সহজ কওকচোন, মইতো এইটো ভাৱি গৌৰৱহে অনুভৱ কৰিছো যে মই মোৰ দেশৰ স্বাৰ্থত এনে এটা কঠিন কাম কৰিবলৈ সাজু হৈছো। সমীৰৰ নিচিনা মানুহবোৰ এনেকৈ মুকলিকৈ জীয়াই থাকিলে ভাৱকচোন,ইহঁতে চোন আমাৰ দেশখন এফালৰ পৰা ধ্বংস কৰি নিব,এনেকৈ ৰক্ষকেই যদি ভক্ষক হৈ পৰে,আমাৰ নিচিনা সাধাৰণ মানুহবোৰৰ বাৰু কি গতি হব। মোৰ আৰু দ্বিতীয় বাৰৰ বাবে ভাৱিবলগীয়া একো নাই বাইদেউ,মই এইটো কাম কৰিম।
        ******************************

:কালি আঙুঠিটোৰ পৰা পোৱা informationৰ মতে চহৰৰ পৰা আঁতৰত থকা এটা পুৰণি ফাৰ্ম হাউছত আজি সমীৰৰ এটা secret party আছে, য'ত ড্ৰাগচৰো ধান্দা চলিব।তই তালৈ এগৰাকী ড্ৰাগচ সৰবৰাহকাৰী হিচাপে যাবি।আমি এতিয়ালৈকে পোৱা information মতে আঙুঠিটো হয়তো সমীৰে তাতে বিক্রী কৰিব,কাৰণ সেইবোৰ ঠাইত ব্লেক মাৰ্কেটৰো ঘাঁটি হিচাপে পৰিচিত।ধ্যান ৰাখিবি আঙুঠিটো যেন যিকোনো প্ৰকাৰে তোৰ আশে-পাশে থাকে,কাৰণ আঙুঠিটোৰ জৰিয়তে আমি তোৰ contact ত থাকিব পাৰিম।কাৰণ তাত কোনো ধৰণৰ মেকানিকেল সামগ্ৰী allow নহয়। all the best ৰীমা, তই আমাৰ বহুত ডাঙৰ সহায় কৰিবলৈ গৈ আছ' and take care,এইবুলি কৈ দিশায়ে ৰীমাক সাৱটি ধৰিলে। 
:আপুনি চিন্তা নকৰিব বাইদেউ, মই কোনো কাৰণতে সমীৰক সন্দেহ হব নিদিওঁ।
হাতত এটা টকাৰে পৰিপূৰ্ণ বেগ লৈ ৰীমা এখন নতুন যুদ্ধলৈ ৰাওনা হল।
                            (১৪)
লাহে লাহে এখোজ দুখোজকৈ ৰীমা ফাৰ্ম হাউচটোৰ ভিতৰলৈ সুমাই গ'ল। ভিতৰত সোমায়ে এক আচহুৱা পৰিৱেশৰ সন্মুখীন হল ৰীমা। চকা-মকা ৰঙীন পোহৰৰ ৰুমটোত সোমাই তাই নিজেই অলপ অসহজ যেন অনুভৱ কৰিলে। নিজৰ অসহজ ভাৱটো লুকুৱাই ৰাখি তাই ভিৰৰ মাজত সমীৰক বিচৰাত লাগি গ'ল। এনেতে তাইৰ কান্ধত কোনোবা এজনৰ হাতৰ পৰশত তাই সঁচকিত হৈ উঠিল।আৰু দিশায়ে শিকাই পঠোৱা মতে তাই সেই মানুহজনৰ লগত অভিনয় কৰি গল। মানুহজনে তাইক অন্য এটা ৰুমলৈ লৈ গ'ল। এই ৰুমটোত প্ৰথম কোনোবা সোমালে হয়তো ধৰিবই নোৱাৰিব যে ইয়াত কিবা দুই নম্বৰী কামো কৰা হয়, ৰুমটোৰ এচুকত বহি থকা সমীৰক বিচাৰি উলিয়াবলৈ তাইৰ অলপো সময় নালাগিল,আগতেই তাই তাৰ ফটো দিশাৰ মোবাইলত দেখিছিল আৰু আঙুঠিটোয়ো সমীৰৰ টেবুলৰ ওপৰতে আছে। তাৰপিছত ৰীমায়ে ঠিক দিশায়ে শিকাই দিয়াৰ দৰে সমীৰৰ লগত কথা পাতিবলৈ ধৰিলে।
      *******************************
:"তাৰমানে ৰীমা এতিয়া সমীৰৰ নিচেই কাষতে আছে,device টোত ৰীমাৰ মাত স্পষ্টকৈ শুনাপোৱা গৈছে"। হাতত থকা কফি কাপটো দিশাৰ ফালে আগবঢ়াই দি নতুন অফিচাৰ জনে কলে।
: বৰ্তমানলৈকে টো সকলো ঠিকেই আছে,I hope এতিয়া পিছৰ খিনিও আমাৰ প্লেনৰ মতে হলে হ'ল আৰু।
:Don't worry দিশা, সকলো আমি প্লেন কৰা ধৰণেই হ'ব।
 *******************************
ৰীমায়ে সমীৰৰ লগত কথা পাতি থাকোতে এপাকত কোনোবা এজন ৰুমটোলৈ সোমাই আহি সমীৰৰ কানে কানে কিবা এটা কৈ হুৰমোৰকৈ ৰুমটোৰ পৰা ওলাই গুচি গ'ল।লৰাটো ওলাই যোৱাৰ পিছত যেন সমীৰৰ সম্পূৰ্ণ মুখৰ ৰঙে সলনি হৈ গ'ল,আৰু লগে লগে ফোনটো হাতত লৈ ৰুমটোৰ পৰা ওলাই গ'ল।
অলপ সময় পিছতে হাতত এটা পিষ্টল আৰু কেইটামান গুণ্ডা সদৃশ মানুহৰ সৈতে সমীৰ ৰুমটোলৈ সোমাই আহিল আৰু চিধাই পিষ্টলটো তাইলৈ পোনাই সুধিলে....
:ক' তই কোন হয়? আৰু ইয়ালৈ তোক কোনে পঠাইছে?
হঠাতে যে কি হৈ গ'ল ৰীমায়ে  ধৰিবই নোৱাৰিলে...
:মই...মানে....মোক ড্ৰাগচ ....
:ঐ চুপ্... চলাকী নহয়....ভালে ভালে সঁচা কথা ক' নহলে ....(পিষ্টলটো দেখুৱাই কলে),....এইটো দেখিছ নহয়, গোটেই কেইটা গুলী একেবাৰতে সুমোয়াই দিম।
(এইবাৰ আঙুঠিটো হাতত লৈ)....হেল্ল' my sweetheart Disa, ইমান ডাঙৰ মূৰ্খামি এটা তুমি কৰিব পাৰিবা বুলি মোৰ এতিয়াও বিশ্বাস হোৱা নাই, হাঃ হাঃ হাঃ।
     ****************************
:Oh no! আমি বৰ বেয়াকৈ ধৰাপৰি গলো অফিচাৰ।
:Shit, এনেকুৱা হব নোৱাৰে .... আমি এনেকৈ হাৰিব নোৱাৰো।
:মই আগতে জানিছিলো এনেকুৱা কিবা এটাই হ'ব বুলি,ব'লক অফিচাৰ,আমি ইয়াত আৰু এক ছেকেণ্ড সময়ো waste কৰাটো উচিত নহব।
: ব'লক মানে .....তুমি কলৈ যোৱাৰ কথা কৈছা দিশা?
:কলৈ যাম মানে.... ইমান খিনিৰ পিছতো আপুনি কলৈ যাম সুধিছে যে.... নে এতিয়াও আপুনি হাৰ- জীতৰ অংকতে লাগি আছে... এজনী ছোৱালীয়ে নিজৰ  জীৱন হেৰুৱাবলৈ গৈ আছে তাকো আমাৰ বাবে.... আমাৰ মানুহ বুলি গম পোৱাৰ পিছত  সিহঁতে বেচেৰীজনীৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব পাৰে সেইটো আপোনাৰ বাবেও অপৰিচিত নহয় চাগৈ।
:অলপ শান্ত হোৱা দিশা, ৰীমাৰ কাৰণে বেয়া মোৰো লগিছে,কিন্তু ডিপাৰ্টমেণ্টৰ পৰা কোনো অৰ্ডাৰ নহা লৈকে আমি কোনোধৰণেৰে  action  লব নোৱাৰো,অন্তত তেতিয়ালৈকে আমি ধৈৰ্য ধৰিবই লাগিব। আৰু এইটো কিমান ডাঙৰ বিষয় সেইটো তুমিও জানা,গতিকে মই নিবিচাৰো যে আমাৰ সামান্য এটা ভূলৰ বাবে সমীৰৰ নিচিনা কালপ্ৰীত্ এটা বাচি যাওঁক। গতিকে প্লিজ দিশা অলপ সময়ৰ বাবে ইম'চন বোৰ অলপ একাষৰীয়াকৈ ৰাখি কথাবোৰ অলপ ল'জিকেলী আৰু প্ৰেক্টিকেলী ভাৱি চোৱা।
: ঠিকে আছে তেন্তে, আপুনি আপোনাৰ ডিপাৰ্টমেণ্টৰ ডিউটি পালন কৰক আৰু মই মোৰ নিজৰ  ডিউটি পালন কৰিম।
:ৰ'বা দিশা তুমি হয়তো পাহৰি গৈছা যে এই case টোত তুমি অকলে involve হৈ থকা নাই, ইয়াত মইয়ো involve হৈ আছো গতিকে তুমি অকলে কোনো decision লব নোৱাৰা, মই তোমাৰ senior হয়। "এতিয়া তুমি কলৈকো ওলাই যাব নোৱাৰা" and its not my request its my order.
: And I don't care officer Neel . Good bye.
 
                       (১৫)
: welcome ইন্সপেক্টৰ দিশা,মই আপোনালৈকে বাট চাই আছিলো।আহোঁতে বাটত একো অসুবিধা হোৱা নাইটো?
:সেইবোৰ কথা বাদ্ দে সমীৰ,আগতে ক' ৰীমাক ক'ত লুকুৱাই ৰাখিছ'?
:সেইয়া,আহিয়ে তোৰ ইন্সপেক্টৰগিৰী আৰম্ভ হলেইনে,চাহ না পানী,আৰে কম চে কম সুখ দুখৰ কথা দুটামানকে টো পাতি ল'।
:Shut up সমীৰ,ভালে ভালে ক' ৰীমা কত আছে,নহলে মই....(বন্দুকটো উলিয়াই সমীৰলৈ টোৱাই ধৰে)
:চালাকী নহয় ইন্সপেক্টৰ দিশা,তই হয়তো পাহৰি গৈছ' যে তই কত আছ' , বন্দুক তলত থ' নহলে আজি না তই ইয়াৰ পৰা জিন্দা ঘূৰি যাব পাৰিবি না ৰীমা নামৰ চামচি জনী।
:ok ok মই তোৰ সকলো কথা মানিবলৈ সাজোঁ আছোঁ,কিন্তু প্ৰথমে তই ৰীমাক যাবলৈ দে।তোৰ যি problem আছে মোৰ লগত আছে আৰু আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ লগত আছে,তাত এই বেচেৰী ছোৱালীজনীৰ কোনো দুখ নাই,তাইক ইয়াৰ পৰা যাবলৈ দে।
(সমীৰৰ এটা মানুহ আহি দিশা ৰ পৰাcommunicationৰ  সকলো যাৱতীয় সামগ্ৰী লৈ গ'লহি।)
:চা, এতিয়াটো মোৰ হাতত একো নাই,আৰু যি শাস্তি দিব বিচাৰ' তহঁতে মোক দে,কিন্তু তাইক এৰি দে।
(এইবাৰ সমীৰৰ আদেশ মৰ্মে কোনোবা এটাই গৈ ৰীমাক দিশাৰ সন্মুখলৈ লৈ আনিলে।)
থৰক-বৰক খোজেৰে ৰীমা ৰুমটোলৈ সুমাই আহিল,কোনোমতেহে যেন তাই নপৰাকৈ থিয়হৈ ৰৈ থাকিল।
:ৰীমা! দিশায়ে দৌৰি গৈ ৰীমাক সাৱটি ধৰিলে।"I am so sorry ৰীমা,মোৰ কাৰণে তোৰ আজি এই অৱস্থা হ'ল"।
:এইবোৰ ইম'চনেল ড্ৰামা বন্ধ কৰ'।" যা ৰীমা জীলে আপনী জিন্দেগী " দিশাৰ জীৱনৰ বিনিময়ত আজি তোৰ জীৱন দান দিয়া হৈছে,.....হাঃ হাঃ হাঃ হাঃ....।
:"Really!কিন্তু মোৰ অনুমতিও তো লওঁক কোনোবাই,...মই ইয়াৰ পৰা আকৌ কিয় যাম,আৰু যাবলৈ কাৰণে আহা নাইতো মই...আপুনিও যে আৰু দিশা বাইদেউ,ইয়ালৈ আহিবলৈ কাৰণে মোৰ অনুমতি লৈছিল যেতিয়া এতিয়াও টো মোক সুধি চাওক...যে মোৰ যাবলৈ মন আছে নে নাই"।এক বিশেষ ভঙ্গীমাত ৰিমায়ে দিশাৰ ফালে চাই কলে।
(দিশায়ে কি হৈছে একো ধৰিব নোৱাৰি ৰীমাৰ ফালে ভেবা লাগি চাই ৰ'ল।)
:অহ্ দিশা my darling,মগজুটোত ইমান জোৰ দিব নালাগে,no more secret secret okey ...ময়ে বাৰু বুজাই দিছোঁ...
ৰীমা ইয়াৰ পৰা যাব বিচৰা নাই কাৰণ তাই আৰম্ভণিৰে পৰা মোৰ লগত আছিল,আৰু মোৰ কাৰণেই  কাম কৰিছিল। in case , চুৰ পুলিচ ৰ এই খেলখনত তই এটা সামান্য" মহৰা" হে আছিলি । তই ইয়াত মোক ধৰা পেলাব অহা নাই,তোকহে ওলোটাই মোৰ জালত বন্দী বনোৱা হ'ল।
:নাই নাই...ই কেনেকৈ সম্ভৱ? ভিডিঅ'টোত মইতো তহঁতে ৰীমাক বহুত অত্যাচাৰ কৰা দেখিছিলো আৰু ৰীমাৰ মুখৰ পৰা এতিয়াও তেজ ওলাই আছে,আনকি তাই ভালকৈ থিয় হৈ থাকিবও পৰা নাই,আৰু মই ইমান মূৰ্খ নহয় যে আচল তেজ আৰু নকল তেজ ৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰিম।
:yes yes দিশা তই ঠিকেই ধৰিছ'এইয়া আচল তেজেই কোনো নকল তেজ নহয়, কিন্তু  নিজকে নিজে' ঘায়ল' কৰাটোনো কিমান ডাঙৰ কাম,তাতে যদি স্বাৰ্থ চাকৰণিৰ পৰা মহাৰণী বনাৰ হয়, right ৰীমা...হাঃ হাঃ হাঃ।
:Right সমীৰ sir...হাঃ হাঃ হাঃ।
:Now, "the game is so much on "  ইন্সপেক্টৰ দিশা।

                              (১৬)
 সমীৰৰ ৰুমলৈ সোমাব খুজি হঠাৎ ৰীমাৰ দুভৰি থমকি ৰ'ল। বাহিৰৰ পৰাই ৰুমটোৰ ভিতৰত হোৱা  কিছুমান স্পষ্ট কথোপকথন আহি তাইৰ কাণত পৰিলহি। হয়তো সমীৰে ফোনত কাৰোবাৰ লগত কথা পাতিছে....। কিন্তু এইবোৰ তাই কি শুনিছে.....নিজৰ কানকেই যেন তাই বিশ্বাস কৰিব পৰা নাই।সমীৰে দিশা ৰ লগতে সিহঁতকো মাৰি অকলে এই দেশ এৰি যোৱাৰ পৰিকল্পনা কৰিছে।
 :আপুনি বেলেগ একো চিন্তা কৰিব নালাগে, আপুনি মাত্ৰ মোৰ ইয়াৰ পৰা সু-শৰীৰে ওলাই যোৱাৰ ব্যৱস্থা কৰক। বাকী খিনি ইয়াত কাক কেনেকৈ 'ঠিকনা' লগাব লাগে সেইটো মই সম্ভালিম।কাৰণ আজিলৈকে মই মোৰ কোনো কামে আধৰুৱাকৈ এৰা নাই।চাকৰণিজনীৰ 'ষ্টেটমেণ্ট' লোৱা হয়গৈছে। মই শিকাই দিয়াৰ মতে তাই কথা খিনি কৈছে..."দিশা বাইদেৱে মোক সৰু-সৰু কথাতে বহুত মাৰ-পিট কৰে,আৰু কালিটো তাৰ সকলো সীমায়ে পাৰ হৈ গ'ল,মই তেওঁৰ বিৰুদ্ধে পুলিচত complain দিম বুলি কওঁতে তেওঁ মোৰ এই অৱস্থা কৰিলে".....আৰু পুলিচে যেতিয়া তাইৰ 'লাচ' টো উদ্ধাৰ কৰিব তেতিয়াতো তেওঁলোকে এইটোৱে ভাৱিব যে "ইন্সপেক্টৰ দিশায়ে নিজৰ সন্মান বচাবলৈ গৈ বেচেৰী বনকৰা ছোৱালী জনীক  হত্যা কৰিলে। 
 :কিন্তু দিশাৰ আপুনি কি ব্যৱস্থা কৰিব? চাকৰণিজনীক মাৰাৰ পিছত তাইৰ সকলো প্ৰব্লেম শেষ হৈ গৈছিল, তাৰপিছত আকৌ আত্মহত‍্যা.....কথাবোৰ মই বুজি পোৱা নাই।
 :দিশা মৰিব বুলিনো আপোনাক কোনে কলে.....
 :মানে???
 :মানে দিশা মৰিবটো ঠিকেই... আৰু তাইক মই মোৰ নিজ হাতেৰে মাৰিম,আপুনি নিশ্চিন্ত থাকক....কিন্তু তাই মৰিব কেৱল আপোনাৰ আৰু মোৰ দৃষ্টিতহে, বাকীবোৰৰ দৃষ্টিতটো তাই এজনী পলাতক হত্যাকাৰীয়ে হৈ থাকিব, যিয়ে নিজৰ সন্মান বচাবলৈ নিজৰ বনকৰা ছোৱালীক হত্যা কৰি এতিয়া দেশে-বিদেশে পলাই ফুৰিছে....কাৰণ তাইৰ লাচ টো মই এনেকৈ "গায়ব" কৰি পেলাম , যে কাউৰী-শগুনেও বিচাৰি নাপাব...হাঃ হাঃ হাঃ।
        ****************************
ৰীমায়ে ল'ৰা-লৰিকৈ দিশাক বান্ধি ৰাখা ৰুমটোলৈ সোমাই আহিল আৰু এফালৰ পৰা দিশাৰ হাত ভৰিৰ ৰচীবোৰ খুলি দিলে। 
কাৰোবাৰ হাতৰ পৰশত দিশায়ে কোনোমতেহে চকু কেইটা মেলিলে।
:ৰীমা....কিবা ক'ব খুজিও তাই কথাটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। মুখ খন লৰাই কথা এটা কোৱাৰ শক্তিকণো যেন তাই হেৰুৱাই পেলাইছে।
:একো নকব বাইদেউ, আপুনি মাত্ৰ পলাওঁক ইয়াৰ পৰা,আৰু পাৰে যদি মোক ক্ষমা কৰি দিব...মই বহুত ভূল কৰিলোঁ। আপুনি অতি শীঘ্ৰে ইয়াৰ পৰা যাওঁক,যিকোনো মুহূৰ্ততে সমীৰৰ মানুহ আহি এইখিনি পাবহি পাৰে।
:কিন্তু তোৰ কি হব ৰীমা? তোক মই এনেকৈ অকলে এৰি....
কোনোমতে শেহাই শেহাই দিশায়ে কথাষাৰ ক'লে।
:মোৰ কথা চিন্তা নকৰিব বাইদেউ,হয়তো এইয়াই মোৰ কৰ্মৰ ফল।এইবোৰ বাদ দিয়ক এতিয়া বাইদেউ,আপুনি যাওঁক ইয়াৰ পৰা,নহলে মোৰ সকলো কষ্ট অথলে যাব।....আৰু এইটো লওঁক বাইদেউ...আঙুঠিটো...।ইয়াত আপোনালোকৰ প্ৰয়োজনীয় সকলোখিনি তথ্যই আছে।
:ৰীমা মোৰ এটা শেষ কাম বাকী ৰৈ গৈছে...তই কৰিবনে?
:কি কাম বাইদেউ?
:এইটো ল'(আঙুঠিটো দিশায়ে ৰীমাৰ হাতত তুলি দিয়ে) আৰু শুন...... কামটো মই কৰিব দিয়া ধৰণে কৰিবি,এইটোৱেই আমাৰ ওচৰত এটা শেষ ৰাস্তা আছে।
:ঠিক আছে বাইদেউ,মই তেনেকৈয়ে কৰিম।
***********************************
:"ইমানবোৰ মানুহ থকাৰ পিছতো  তাই ইয়াৰ পৰা পলাব পাৰিলে কেনেকৈ??? আজি যদি তাইক তহঁতে বিচাৰি আনি দিব নোৱাৰ' তহঁতো কোনো মোৰ হাতৰ পৰা বাচি যাব নোৱাৰিবি,এতিয়া মোৰ মুখলৈ কি চাই আছ' যা তাইক বিচাৰগৈ"।
    *********************************
এখন ঘন অন্ধকাৰ  জংঘলৰ মাজেৰে দিশা দৌৰি গৈ আছে.....পিছে পিছে তাইক খেদি খেদি যোৱা তাইৰ প্ৰাণৰ শত্ৰু এজাক মানুহৰ দ'ল....  কাৰোবাৰ হাতত  যদি টৰ্চ লাইটৰ পোহৰ, আন কাৰোবাৰ হাতৰ প্ৰকাণ্ড অগ্নিশিখা, কাৰোবাৰ হাতত আকৌ বন্দুক .... এটা ভয়াৱহ মৃত্যুৰ পৰা হাত সাৰিবলৈ তাই মাথো দৌৰিছে আৰু দৌৰিছে.....যিমান পাৰে সিমান গতিবেগেৰে দৌৰিছে....ঠিক তাই সঘনাই  দেখি উচপ্ খাই ৰাতি বিচনাত বহি পৰা ভয়াৱহ সপোনটোৰ দৰে.... সপোন...বাস্তৱ.....সকলো আহি যেন এতিয়া এডাল ৰেখাতে উপনীত হৈছেহি... এতিয়া চাবলগীয়া কথা এইটোহে যে "এই 'সংঘৰ্ষ' খনত জয় কাৰ হ'ব"......?????

                          (১৭)
হঠাৎ  সন্মুখত সমীৰক  দেখি  ইমানসময় দৌৰি দৌৰি ভাগৰি পৰা দিশাৰ  দুভৰি থমকি ৰ'ল। 
:"হেই ইন্সপেক্টৰ দিশা, ইমান ল'ৰা-লৰি কিহৰ? দুই এষাৰ কথা আমাৰ লগতো পাতি যাওঁক"। ঐ কি চাই আছ' তহঁতে এইৰ হাতৰ পৰা প্ৰথমে আঙুঠিটো কাঢ়ি ল'। 
:মোৰ হাতত কোনো আঙুঠি নাই....
:ভালে ভালে মোক আঙুঠিটো চমজাই দে' নহলে ইয়াতে এইমূহূৰ্ততে তোক শেষ কৰি পেলাম।
(এইবাৰ  দুহাতেৰে দিশাৰ চুলিকোছা জোৰেৰে খামুচি ধৰিলে) 
:বহুত ইচ্ছা আছিল নহয় তোৰ দৃষ্টিক ন্যায় দিয়াৰ, "ন্যায় কী দেৱী" হোৱাৰ? ব'ল আজি তোৰ আখৰি ইচ্ছা তো পূৰণ কৰা হওঁক, তোকো মই আজি তালৈকে পঠাম যত দৃষ্টি আছে... তাত গৈ খেলি থাকিবি দুইজনীয়ে 'ন্যায় ন্যায়'। 
আৰু  এটা "secret" কি জান'....ময়ে মাৰিছিলো দৃষ্টিক...মানুহে কয়,মৰিব ওলোৱা মানুহৰ পৰা কথা লুকুৱাটো উচিত নহয়...গতিকে তোক ক'বলগা  হল,কাৰণ তয়ো টো মৰিবিয়ে এতিয়া...হাঃ হাঃ হাঃ। 
:কিন্তু....
: sorry sorry তোৰ এই কিয়?? কিন্তু... কেনেকৈ?? আদিবোৰৰ উত্তৰ দিয়াৰ মুড মোৰ এতিয়া একেবাৰে নাই।
শেষ বাৰৰ বাবে সুধিছো ক' দিশা, ক'ত আছে আঙুঠিটো? দিশাৰ পৰা কোনো উত্তৰ নাপাই এইবাৰ সমীৰে দিশাৰ ফালে  বন্দুক পোনাই গুলী এৰিলে....good bye দিশা....
এক অসন্ন বিপদৰ সম্ভেদ পাই দিশায়ে দুই হাতেৰে দুই কান ধাকি চকুদুটা মুদি দিয়ে।
কিন্তু এয়া কি সমীৰৰ বন্দুকেৰে ওলোৱা গুলী দিশাৰ গাত লগাৰ আগতে নীলৰ বন্দুকৰ গুলী আহি সমীৰৰ হাতত লাগিলহি।
চকু মুখ ধাকি মাটিত বহি পৰা দিশাক   নীলে  আহি জোৰেৰে সাৱটি ধৰিলেহি।
:হেই দিশা, Are you ok?
:thak God নীল, চাৰ আপোনালোক সঠিক সময়ত আহি পালে।
:তোৰ খেল খতম সমীৰ, you are under arrest! তোক এতিয়া ফাঁচীকাঠৰ পৰা কোনেও বচাব নোৱাৰে।
:দিশা তোক মই শেষ কৰি পেলাম.... (সমীৰে দিশাৰ ফালে চোঁচা লয়)
: না না .... সমীৰ সেইটো ভূল তই আগতেও কৰিছিলি, আচ্ছা অফিচাৰ নীল, ফাঁচিকাঠ ত উলমিব মানে টো ই মৰিবই লাগিব নহয়জানো? মানুহে কয় ... মৰিবলৈ ওলোৱা মানুহৰ পৰা কোনো কথা লুকুৱা উচিত নহয়। এতিয়া মই তোক এটা secret কওঁ... "দৃষ্টি জীয়াই আছে"।
:কি? কিন্তু এইটো অসম্ভৱ...কাৰণ মই তাইক নিজেই.....
: অ' তই তাইক নিজেই সৌ পাহাৰটোৰ পৰা ধক্কা দিছিলি নহয়নে? তাৰপিছতো তাই বাছি গ'ল ...আচৰিত...
:দিশা...এইবোৰ তুমি কি কৈছা ....আৰু নীল তুমি কেনেকৈ গম পালা যে আমি দিশাক ইয়াতে লগ পাম।
:সেইটোতো ময়ো নাজানো চাৰ, দিশায়ে মোক মাত্ৰ ইমানে কৈছিল যে তাই যদি কেনেবাকৈ ধৰা পৰি যায়, আমি যেন তাইক এইখিনি ঠাইলৈকে বিচাৰি আহো।
:হয় চাৰ, মই আগতে জানিছিলোঁ যে ই মোক ধৰি-বান্ধি ইয়ালৈকে আনিব। আচলতে এই ঠাইখন মোৰ বহুদিনৰে চিনাকি।এদিন সমীৰ নামৰ অসুৰ এটাই দৃষ্টি নামৰ ছোৱালী এজনীক মাৰিবৰ বাবে  ইয়ালৈকে চোঁচৰাই লৈ আহিছিল, আৰু সৌ পাহাৰটো দেখিছে তাৰ পৰাই তাইক মৃত্যুৰ গহ্বৰলৈ ঠেলা মাৰি দিয়া হৈছিল। কিন্তু কথাতে কয় নহয়"ৰাখে হৰি মাৰে কোনে"...সৌভাগ্যক্ৰমে তাই সেইদিনা বাছি গৈছিল...হয়তো সমীৰৰ নিচিনা দানৱ তাৰ অন্ত কৰিবলৈকে ভগৱানে তাইক জীয়াই ৰাখিছিল।
:কিন্তু এতিয়া দৃষ্টি কত আছে দিশা???
:আপোনালোকৰ সন্মুখত...
:কি??তুমিয়ে মানে দৃষ্টি(নীলে আচৰিত হৈ সুধিলে)
:অ' ময়ে দৃষ্টি...তোৰ  শৈশৱৰ খেলাৰ লগৰী...  এইবোৰ আজিৰ পৰা 2 বছৰৰ আগৰ কথা....তেতিয়া মই নতুনকৈ পুলিচ ডিপিৰমেণ্টত যোগদান কৰিছিলো, আৰু সমীৰৰ কিছুমান কাম-কাজৰ পৰা মোৰ তাৰ ওপৰত সন্দেহ হৈছিল।এদিন যেতিয়া এটা প্ৰজেক্টৰ কামত মই এইফালে আহিছিলো,তেতিয়া সমীৰক কেইজনমান সন্দেহজনক মানুহৰ লগত কথা পাতি থকা দেখা পাইছিলো।মই কথাবোৰ জানিবলৈ তেওঁলোকৰ 'পিছা' কৰছিলো আৰু যেতিয়া তেওঁলোকৰ সকলোবোৰ কথা শুনি তেওঁলোকৰ পৰিকল্পনাৰ কথা গম পাইছিলোঁ তেতিয়া মোৰ সন্দেহ বিশ্বাসলৈ পৰিবৰ্তিত হৈছিল।কিন্তু দুৰ্ভাগ্য ক্ৰমে মই সমীৰৰ হাতত ধৰা পৰি গৈছিলো,..... তাৰ পিছৰ কাহিনীখিনিটো মই ইতিমধ্যে আপোনালোকক কলোয়ে।
:কিন্তু তুমি সমীৰক ধৰা পেলাবলৈ দিশা হোৱাৰ কি প্ৰয়োজন আছিল? I mean দৃষ্টি হৈ থাকিও টো তুমি সমীৰক ধৰা পেলাব পৰিলা হয়?
:প্ৰমাণ...যিহেতু মোৰ হাতত কোনো উপযুক্ত প্ৰমাণ নাছিল,গতিকে সমীৰৰ বিৰুদ্ধে প্ৰমাণ গোটাবলৈকে মই দিশা হবলগীয়া হল। এক ছেকেণ্ড... সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো তো মই পাহৰিয়ে গৈছিলো..
এখোজ-দুখোজকৈ দৃষ্টি সমীৰৰ ফালে আগুৱাই যায় আৰু সমীৰৰ জেকেটৰ পকেটৰ পৰা আঙুঠিটো উলিয়াই আনে।
:আঙুঠিটো মানে মোৰ ওচৰতে....
:yes Mr.সমীৰ...শুন তোক মই আৰু এটা secret কওঁ...."যদি তুমি কোনো শত্ৰুৰ পৰা আত্মগোপন কৰিব বিচৰা,তেন্তে সেই শত্ৰুৰ ঘৰতকৈ নিৰাপদ ঠাই আৰু পৃথিৱীত একো হব নোৱাৰে। কাৰণ তোমাৰ শত্ৰুয়ে তোমাক বিচাৰি গোটেই পৃথিৱী চলাথ কৰিব... কিন্তু নিজৰ ঘৰখনত কেতিয়াও ভুমুকীয়াই নাচায়"। ময়ো সেইটো theory য়ে follow কৰিলো, সেইহে ৰীমাক কৈ আগতে তাৰ ব্যৱস্থা কৰিছিলো। মোৰ বিশ্বাস আছিল যে তই গোটেইখন বিচাৰি চলাথ কৰিবি কিন্তু নিজৰ জেপত হাত ভৰাই কেতিয়াও নিবিচাৰ'।
:Good job ইন্সপেক্টৰ দিশা আৰু নীল, মই সম্পূৰ্ণ চেষ্টা কৰিম  সমীৰৰ যাতে ফাঁচীয়ে হয়।
:চাৰ দিশা নহয় দৃষ্টি
হাঃ হাঃ হাঃ দৃষ্টিৰ কথাত তিনিউজনে জোৰেৰে হাঁহি উঠিল।
******************************
গাড়ীত উঠি দৃষ্টিয়ে চিধায়ে মূৰটো গাড়ীৰ ছিটত এৰি দি চকুদুটা মুদি দিলে।
: মই জানিছিলোঁয়ে দিশা তই মোৰ সৰুকালৰ দৃষ্টিজনীয়ে হ'বি, যাক মই সৰুৰে পৰাই বহুত ভাল পাইছিলোঁ....কিন্তু কোনোদিন প্ৰকাশ কৰা নহল, এতিয়া আৰু মই একেটা ভূলকে নকৰোঁ,খুব সোনকালে তোক মনৰ কথা ক'ম।
:কিবা কৈছিলি নেকি নীল?
:নাই নাই....গান শুনিবি?
:(দৃষ্টিয়ে লাহেকৈ মূৰটো দুপিয়ালে) ......(এনেকৈ নহব নীল, আৰু অলপ ভালকৈ চেষ্টা কৰিব লাগিব,ইমান দিন অপেক্ষা কৰাইছ' যেতিয়া অলপটো কষ্ট কৰিবই লাগিব) দৃষ্টিৰ ওঁঠৰ মাজেৰে এটা  প্ৰেম প্ৰেম অনুভূতিৰ মিঠা হাঁহি বাগৰি গ'ল।
দুয়োৰে অব্যক্ত প্ৰেমক সাক্ষী কৰি playlist ত দৃষ্টিৰ প্রিয় গানটো বাজি ৰ'ল......"লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা
                             ময়ো আহি আজীৱন তাতে জীৰাম.......।।।।।।


(সমাপ্ত)

Comments

  • ধুনীয়া

    Apr 21, 2020

  • Apr 21, 2020

Log Out?

Are you sure you want to log out?