সপোন দেখা ছোৱালীজন Read Count : 83

Category : Articles

Sub Category : Miscellaneous
ছোৱালীজনীৰ নাম সাগৰিকা ;
সহজ সৰল গাঁৱলীয়া ছোৱালী। উচ্চাকাংক্ষী ছোৱালীজনীৰ পৰিয়াল বুলিবলৈ মাথো তাই আৰু তাইৰ মাক-দেউতাক। দেউতাকে ঠেলা চলাই পোৱা আৰু মাকে বেলেগৰ ঘৰত কাম কৰি পোৱা টকা কেইটাৰে তিনিজন প্ৰানী অতি সুখত আছিল। ছোৱালীজনীয়ে যোৱা বছৰ মেট্ৰিকত ৯১% লাভ কৰি গাঁৱখনৰ ভিতৰত অতি ভাল ফলাফল দেখুৱাইছিল। তাইৰ সপোন আছিল ডাক্তৰী কৰাৰ। সপোনবোৰ তাইৰ সাগৰৰ দৰে যেন বিশাল আছিল । মাক-দেউতাকে দুই এপইচা ধাৰ কৰি তাইক চহৰত পঢ়িবলৈ পঠাইছিল। তাই কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। এটি সপোনৰ ঠিকনা বিচাৰি অহা সাগৰিকাৰ কাৰনে চহৰৰ ছবিখন অতিকৈ অচিন আছিল। কিন্তু সময়ৰ কুটিল দৃষ্টি; মোহাৰি পেলাইছিল সাগৰিকাৰ সপোনবোৰ পলকতে। সেইদিনা সোমবাৰ; ৰাতি ৮ মান বজাত তাই টিউচন কৰি হোষ্টেললৈ আহি থাকোতে ঘটিত হৈছিল অশ্লীল ঘটনাটি। টিউচন চেন্টাৰৰ পৰা হোষ্টেললৈ বেছি দূৰ নহয় । কিন্তু মাজত এখন অতি পুৰনি শ্মশান আছিল । ৰাস্তাটোও অতি নিৰ্জন আছিল। বিধাতাৰ কি যে লিখন ; সেইখিনিতে তাইৰ দেহ ধৰ্ষিত হৈছিল তিনিজন লৰাৰ দ্বাৰা। চিঞৰিছিল তাই; কিন্তু সহায়ৰ কাৰণে কোনো মানুহ নাছিল। তাইক হোষ্টেলৰ দুৱাৰ দলিত পেলাই লৰাকেইজন পলাই পত্ৰং দিছিল। তাইৰ কাৰনে ঘটনাটো একেবাৰে আকস্মিক; তাইৰ দেহৰ ধৰ্ষিত প্ৰতিটো অংশই যেন জীয়াই থকাৰ বাঞ্ছা হেৰুৱাই পেলাইছিল। ৰাতিপুৱা হোষ্টেলৰ দুৱাৰদলি; মানুহৰ ভিৰ; মাটিত পৰি আছিল সাগৰিকাৰ দেহ; হাতত এখন ব্লেড; হাতৰ পৰা বৈ গৈছিল সপোন দেখা ছোৱালীজনীৰ ৰঙা তেজবোৰ ................. !!
ছোৱালীজনীৰ নাম সাগৰিকা ;
সহজ সৰল গাঁৱলীয়া ছোৱালী। উচ্চাকাংক্ষী ছোৱালীজনীৰ পৰিয়াল বুলিবলৈ মাথো তাই আৰু তাইৰ মাক-দেউতাক। দেউতাকে ঠেলা চলাই পোৱা আৰু মাকে বেলেগৰ ঘৰত কাম কৰি পোৱা টকা কেইটাৰে তিনিজন প্ৰানী অতি সুখত আছিল। ছোৱালীজনীয়ে যোৱা বছৰ মেট্ৰিকত ৯১% লাভ কৰি গাঁৱখনৰ ভিতৰত অতি ভাল ফলাফল দেখুৱাইছিল। তাইৰ সপোন আছিল ডাক্তৰী কৰাৰ। সপোনবোৰ তাইৰ সাগৰৰ দৰে যেন বিশাল আছিল । মাক-দেউতাকে দুই এপইচা ধাৰ কৰি তাইক চহৰত পঢ়িবলৈ পঠাইছিল। তাই কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। এটি সপোনৰ ঠিকনা বিচাৰি অহা সাগৰিকাৰ কাৰনে চহৰৰ ছবিখন অতিকৈ অচিন আছিল। কিন্তু সময়ৰ কুটিল দৃষ্টি; মোহাৰি পেলাইছিল সাগৰিকাৰ সপোনবোৰ পলকতে। সেইদিনা সোমবাৰ; ৰাতি ৮ মান বজাত তাই টিউচন কৰি হোষ্টেললৈ আহি থাকোতে ঘটিত হৈছিল অশ্লীল ঘটনাটি। টিউচন চেন্টাৰৰ পৰা হোষ্টেললৈ বেছি দূৰ নহয় । কিন্তু মাজত এখন অতি পুৰনি শ্মশান আছিল । ৰাস্তাটোও অতি নিৰ্জন আছিল। বিধাতাৰ কি যে লিখন ; সেইখিনিতে তাইৰ দেহ ধৰ্ষিত হৈছিল তিনিজন লৰাৰ দ্বাৰা। চিঞৰিছিল তাই; কিন্তু সহায়ৰ কাৰণে কোনো মানুহ নাছিল। তাইক হোষ্টেলৰ দুৱাৰ দলিত পেলাই লৰাকেইজন পলাই পত্ৰং দিছিল। তাইৰ কাৰনে ঘটনাটো একেবাৰে আকস্মিক; তাইৰ দেহৰ ধৰ্ষিত প্ৰতিটো অংশই যেন জীয়াই থকাৰ বাঞ্ছা হেৰুৱাই পেলাইছিল। ৰাতিপুৱা হোষ্টেলৰ দুৱাৰদলি; মানুহৰ ভিৰ; মাটিত পৰি আছিল সাগৰিকাৰ দেহ; হাতত এখন ব্লেড; হাতৰ পৰা বৈ গৈছিল সপোন দেখা ছোৱালীজনীৰ সপোন সদৃশ ৰঙা তেজবোৰ ................. !!

- ভাস্কৰ 

Comments

  • gd

    Sep 04, 2019

Log Out?

Are you sure you want to log out?